গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন। দিছপুৰ আৰক্ষী জালত বৃহৎ মহিলা গাড়ী চুৰি চক্ৰ। কেইদিনমান পূৰ্বে গুৱাহাটীৰ এটা এজেন্সীৰ এজেন্সীৰ পৰা নোহোৱা হৈছিল ২খনকৈ বাহন। শ্বিলং যোৱাৰ নামত চেল্ফ ড্ৰাইভৰ বাবে তিনিগৰাকী যুৱতীয়ে বুক কৰিছিল বাহন। কিন্তু শ্বিলঙৰ পৰিৱৰ্তে তিনিওখন বাহন লৈ গৈছিল অন্য দিশে। বাহনৰ গন্তব্য স্থান সলনি হোৱাত গৰাকীৰ মনত উপজিছিল সন্দেহ। পৰৱৰ্তী সময়ত গাড়ী লৈ যোৱা যুৱতীকেইগৰাকীক বাহনৰ গৰাকীয়ে ফোন কৰিছিল যদিও পোৱা নাছিল কোনো উত্তৰ। পিছত বাহনৰ গৰাকী চিন্ময় কলিতাই দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। আনফালে বাহন বুকিং কৰা ৩ যুৱতীয়ে এজেন্সীত জমা দিয়া আধাৰ কাৰ্ড, পান কাৰ্ড আছিল ভুৱা। দিছপুৰ আৰক্ষীৰ তদন্তত চুবুৰীয়া ৰাজ্যৰ ব’ৰ্ডাৰৰ পৰা জব্দ কৰে বাহনকেইখন। ঘটনা সন্দৰ্ভত ৩ যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ । সম্প্ৰতি দিছপুৰ থানাতে ৰখা হৈছে গাড়ী চুৰি চক্ৰৰ আটাইকেইগৰাকী যুৱতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...