লখিমপুৰলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

0 2,403

অসমৰ উত্তৰ-পূব কোণত অৱস্থিত এখন বিখ্যাত জিলা লখিমপুৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বি-বিভক্ত কৰা হয়। পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আঁতৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ’ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। পৰ্যটনৰ অফুৰন্ত সম্ভাৱনা থকা জিলাখনলৈ আহিবৰ বাবে বাছৰ উপৰিও ট্ৰেইনৰো আছে সু-ব্যৱস্থা। বাছ অথবা টেক্সিৰ জৰিয়তে জিলাখনৰ প্ৰতিটো স্থান পৰিদৰ্শন অনায়াসে কৰিব পাৰে। যাত্ৰীবাহী বাছৰ সেৱাও ৰাজ্যৰ প্ৰতিখন জিলাৰে সংযোগ আছে লখিমপুৰলৈ।

লখিমপুৰ জিলাৰ পৰ্যটন ক্ষেত্ৰ সমূহৰ বিষয়ে জানো আহক

লেতেকুপুখুৰী

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানখনি ১৯৫৬ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাট মৌজাৰ লেতেকুপুখুৰী নামেৰে ঠাইত (পূবে ৰঙাজান, পশ্চিমে- ডিক্ৰং, উত্তৰে বৰবালি আৰু দক্ষিণে- ঢেকেৰীজান) স্থানীয় ৰাইজে উদ্ধাৰ কৰে আৰু মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ তেতিয়াৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীকমলাকান্ত দেৱগোস্বামীয়ে প্ৰতিষ্ঠা কৰে। বৰ্তমান নাৰায়ণপুৰ অঞ্চলৰ লেতেকুপুখুৰীস্থিত শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানখনি লেতেকুপুখুৰী থান নামেৰে জনাজাত। বৰ্তমান মাধৱদেৱৰ জন্মস্থানখন এখন সমিতিয়ে পৰিচালনা কৰি আছে। সত্ৰখনিত মুঠ ৩১ বিঘা ভূমি আছে।

ইয়াত লেতেকুপুখুৰী মূল নামঘৰ অতিথিশালাৰ লগতে মাধৱদেৱৰ মূল ভেটিতো আছে। এই স্থানত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ সময়ত ব্যৱহৃত এটি গছা আছে। বৈষ্ণৱ ধৰ্মীয় পূজা-অৰ্চনাৰ বাবে থানভাগিৰ যথেষ্ট খ্যাতি আছে। উৎসৱ-পাৰ্বন হিচাপে থানভাগিত বিহু, শংকৰ-মাধৱ আৰু বদলা পদ্ম আতাৰ জন্ম আৰু মৃত্যু তিথি, শ্ৰীকৃষ্ণ জন্মাষ্টমী, ফাকুৱা, ৰাস আদিৰ লগতে দৈনন্দিন নাম প্ৰসংগ, ভাগৱত পাঠ আৰু আইসকলৰ নাম-প্ৰসংগ চলে। এইবোৰৰ উপৰিও এই থানভাগিৰ লগতে এখন কলা-সংস্কৃতিৰ স্কুল আৰু এখন হাইস্কুল আছে।পৰ্যটকৰ বাবে এই স্থান প্রিয়।

বাসুদেৱ থান

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান বাসুদেৱ থান। ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ’লে এই প্ৰসিদ্ধ থানখন পোৱা যায়। ঐতিহ্যমণ্ডিত বাসুদেৱথান ঢকুৱাখনা মহকুমাৰ গোহাঁই মৌজাৰ দক্ষিণ গোহাঁই অঞ্চলৰ বেবেজীয়াত অৱস্থিত। এই থান চামপৰা নদীৰ কাষত অৱস্থিত। এ‌ই থানত শিলেৰে নিৰ্মিত এটা ডাঙৰ বাসুদেৱৰ মূৰ্তি আছে। সুদূৰ নেপালৰ পৰাও এ‌ই থানলৈ ভক্তসকলৰ আগমন ঘটে। এই থান চুতীয়া ৰজা সত্যনাৰাযণে স্থাপন কৰা বুলি জনা যায়।

প্ৰবাদমতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ নদীয়েদি নাৱেৰে যাওঁতে এ‌ই ঠাইত পানীৰ ওপৰত এটা সাপৰ মূৰত এটা ভেকুলী উঠি থকা দেখি মাধৱদেৱক এগছি বন্তি জ্বলাই থৈ যাবলৈ আদেশ দিয়ে। গুৰুজনাৰ আদেশমতে মাধৱদেৱে সে‌ই ঠাইত এগছি বন্তি জ্বলাই থৈ যায়। খৰালি পানী শুকুৱাত সে‌ই ঠাইত খনন কাৰ্য চলোৱাত তাতে বাসুদেৱৰ মূৰ্তি ওলায় আৰু মূৰ্তিটো সে‌ই ঠাইতে প্ৰতিষ্ঠা কৰে। আন এক তথ্যমতে আহোম ৰজা জয়ধ্বজ সিংহই শদিয়াৰ কুণ্ডিলৰ পৰা আনি এ‌ই বাসুদেৱৰ মূৰ্তি স্থাপন কৰে।

মাঘনোৱা দ’ল 

অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ’ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা যায়। মানৰ আক্ৰমণৰ সময়ত দলৈ আৰু পূজাৰীসকলে ইয়াৰপৰা যাওঁতে দ’লৰ মুখ্য প্ৰতিমা (বিগ্ৰহ) ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। পিছত কলাবাৰী ঘৰ সাজি প্ৰতিমা ভাগ স্থাপন কৰা হয়। এইয়াই হ’ল বৰ্তমানৰ বৰকালিকা থান।

হাৰ্হি দেৱালয়

ঢকুৱাখনা আৰু মাছখোৱা মৌজাৰ সীমাত হাৰ্হি নৈৰ পাৰত দেৱলীয়া গাওঁ অঞ্চলত হাৰ্হি দেৱালয় অৱস্থিত। ইয়াত কে‌ইবাটাও শিলত কটা সুন্দৰ মূৰ্তি আছে। ইয়াত শিৱ, দুৰ্গা, গংগা, মনসা, চামুণ্ডা আৰু কালী পাৰ্বতীৰ মূৰ্তি আছে। কিছুমান মূৰ্তিৰ চকুত সোণপানী চৰোৱা আছে। প্ৰবাদ মতে চুতীয়া ৰাজ্য পতনৰ পাছত শদিয়াৰ কেঁচাইখাতি গোঁসানীক পূজা দিয়াত অনিয়ম হোৱাত দেৱী ভটিয়াই আহি প্ৰথমে দেওঘৰত আৰু পাছত হাৰ্হিত থাকিবলৈ ল‌য়। এ‌ই দেৱালয়ত দুৰ্গাপূজাত হাঁহ, পাৰ, ছাগলী বলি দিয়াৰ উপৰিও ম’হ বলি দিয়াৰ পৰম্পৰা চলি আছে।

পদুমণি থান

লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত পদুমণি আই থান। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়।পদুমণি থানৰ সমীপতে আছে পদুমণি উদ্যান (Padumoni Park) যুৱক-যুৱতী সকলৰ মাজত পদুমণি উদ্যান অতি জনপ্ৰিয়।

শতজান পক্ষী উদ্যান

অসমৰ অন্যতম জলাশয় তথা জলাহভূমি সমূহৰ ভিতৰত লখিমপুৰত অৱস্থিত শতজান জলাহভূমিও উল্লেখযোগ্য। প্ৰকৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাণীবিধেই হৈছে চৰাই। কোনো এটা অঞ্চলৰ জৈৱ বৈচিত্ৰ সুস্থিৰ হৈ থাকিবলৈ পক্ষীৰ অৱদান সদায় অপৰিসীম। বৰ্তমান সময়ত চৰাইৰ বাসস্থান দ্ৰুত গতিত হ্ৰাস পাই অহাৰ বাবে বহু চৰাই প্ৰকৃতিৰ পৰা বিলুপ্ত হ’ব ধৰিছে আৰু সেয়েহে বহু চৰাই বৰ্তমান বিভিন্ন ঠাইত দেখিবলৈ পোৱা নাযায়। কিন্তু লখিমপুৰৰ শতজান ইয়াৰ ব্যতিক্ৰম, লখিমপুৰ নগৰৰ নাতি দূৰৈত অৱস্থিত পহুমৰা তিনিআলিৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত অৱস্থিত শতজান কেৱল পক্ষীৰ মুক্ত বিচৰণ থলীয়েই নহয়, ই বহুতো স্থানীয় চৰাইৰ স্থায়ী বাসস্থান।

অন্যান্য

লখিমপুৰ চহৰত অৱস্থিত পঞ্চানন দেৱালয় আৰু শিৱমন্দিৰ। চহৰৰ গাতে লাগি থকা গণেশ মন্দিৰ আৰু দুর্গামন্দিৰো বহু দর্শনার্থীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

গণেশ মন্দিৰ
Leave A Reply

Your email address will not be published.