‘অ’ বৈদেশী প্ৰাণ বন্ধুৱা ৰে, একবাৰ গোৱালপাৰা বেৰাইয়া জান ৰে’
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা এই লোকগীতৰ মাজতে সোমাই আছে গোৱালপাৰাৰ গূঢ়াৰ্থ। কেৱল গোৱালপৰীয়া ৰাইজকে নহয় আপোনাকো পলকতে আপ্লুত কৰিব পাৰে গোৱালপাৰাৰ ৰূপ লাৱণ্য তথা কলা-সংস্কৃতিয়ে।
অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত গোৱালপাৰা জিলা পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰস্থলী। পূব দিশে কামৰূপ পশ্চিম দিশে ধুবুৰী, দক্ষিণ দিশে মেঘালয়ৰ গাৰোপাহাৰ, উত্তৰ দিশে বৰপেটা আৰু বঙাইগাঁও জিলাৰ মাজৰ বিস্তীৰ্ণ এলেকাটোৱে হৈছে বৰ্তমানৰ গোৱালপাৰা জিলা। ইয়াৰ মাটিকালি ১৯১১ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ১১ লাখতকৈ অধিক। গোৱালপাৰা উন্নয়নৰ ফালৰ পৰা পিছপৰা যদিও ইয়াৰ ইতিহাস, কৃষ্টি-সংস্কৃতি, প্ৰাকৃতিক দৃশ্য, আৰু প্ৰত্নত্বাত্তিক সমলৰ বাবে অতি চহকী।
শ্ৰীসূৰ্য পাহাৰ: গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থান দেশী-বিদেশী পৰ্যটকৰ এক আকৰ্ষণস্থলী। উত্তৰ পূৰ্বাঞ্চলৰ ‘ইলোৰা’ খ্যাত শ্ৰীসূর্য পাহাৰত এনে কেতবোৰ সমল লুকাই আছে যিবোৰে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে।
হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্যৰ লগতে ইয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটক সকলক পলকতে আপ্লুত কৰিব পাৰে। শ্ৰীসূর্য পাহাৰৰ শিলত খোদিত এক লাখৰ এটা কম অৰ্থাত ৯৯,৯৯৯টা শিলত খোদিত শিৱ লিংগ আছে বাবে ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয়। ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগে ইতিমধ্যে খনক কাৰ্য চলাই বহু পৌৰাণিক সম্পদ উদ্ধাৰ কৰি হয় পাহাৰৰ গাতে সংগ্ৰহালয় স্থাপন কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। গোৱালপাৰা চহৰৰ পৰা ১২ কিঃমিঃ পূৱ দিশত অৱস্থিত শ্ৰীসূর্য পাহাৰ।
দ’দান থান: গোৱালপাৰা জিলাৰ বায়দাত থকা শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ’দান থানে ৰাভা জনগোষ্ঠীয় লোক সকলৰ ইতিহাস বহন কৰি আহিছে। ৰাভা জনগোষ্ঠীয় লোকসকলৰ বীৰ পুৰুষ দ’দান আছিল এগৰাকী পৰাক্ৰমী ৰজা। ৰজা দ’দান আছিল শিৱ ভক্ত। সেয়ে ৰাভা জনগোষ্ঠীয় লোক সকলে তেওঁলোকৰ বীৰ পুৰুষ ৰজা দ’দান আৰু তেওঁৰ সেনাপতি মাৰুক্ষেত্ৰীক সুঁৱৰি প্ৰতি বছৰে দ’দান মেলা অনুষ্ঠিত কৰে। থানটোত ৰজা দ’দান আৰু মাৰুক্ষেত্ৰীৰ মূৰ্তি থকাৰ লগতে শিৱ মন্দিৰ আছে।
শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয় : আকাশ মাৰ্গেদি যোৱা শিৱৰ সকন্ধিত সতী পাৰ্বতীৰ দেহৰ অংগ পৃথিৱীৰ যি স্থানতে পৰিছিল নাৰায়ণৰ আশীৰ্বাদত সেই স্থান মহাপীঠ ৰূপে পূজিত হ’ল। সতী দেহৰ ৫১টা অংগৰ উপৰিও ২৬টা অন্য সৰু সৰু দেহাংগ পৃথিৱীৰ বিভিন্ন স্থানত পৰিছিল, সেইবোৰক উপ-পীঠ বুলি কোৱা হয়। টুক্ৰেশ্বৰী দেৱালয়খন যদিও ৫১পীঠৰ অন্তৰ্গত নহয়, ই কিন্তু ২৬খন উপ-পীঠৰ এখন। প্ৰচলিত জনপ্ৰবাদ মতে টুকুৰা পাহাৰত সতীৰ বাম জংঘা (বাওঁ উৰু) আৰু জিভা পৰিছিল। পাহাৰৰ চুড়াৰ মন্দিৰত এনে আকৃতিৰ শিলৰ খাজ আজিও বিদ্যমান।
কথিত আছে যে, সতীৰ দেহৰ টুকুৰা পৰা বাবে এই ঠাইখনৰ আৰু পাহাৰখনৰ নাম হ’ল টুকুৰা। সতী এগৰাকী ঈশ্বৰী বাবেই দেৱালয়খনৰ নাম টুক্ৰেশ্বৰী দেৱালয় নামে প্ৰসিদ্ধ হয়। এই টুক্ৰেশ্বৰী দেৱালয়খন প্ৰতিষ্ঠা কৰা হৈছিল ১৭শ শতিকাত ৷ ৰজা কুমুদ নাৰায়ণে প্ৰতিষ্ঠা কৰিছিল এই দেৱালয়খন ৷
দেৱালয় খনৰ অন্য এটা দিশ হ’ল দেৱালয়ত থকা কপি কুল৷ দেৱালয়খনত আছে এখন বান্দৰৰ সমাজ আৰু এই বান্দৰৰ সমাজখন পৰিচালিত হয় বান্দৰৰ ৰজাৰ দ্বাৰা। এইটো দেৱালয়খনৰ অন্য এটা দিশ ।
পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও
ৰাংচাপাৰা: অসমৰ শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিস্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰা। ২০১৭ চনত অসম চৰকাৰৰ ফালৰ পৰা এই স্বীকৃতি লাভ কৰাৰ পিছত গাঁও খন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। গাৰো লোক সকলে বসবাস কৰা গাঁওখনৰ পুৰুষক সকলে প্ৰতি বুধবাৰে আৰু মহিলা সকলে প্ৰতি শনিবাৰে চাফ চিকুণ কৰে গাঁওখন।
গাঁওখনৰ প্ৰতিটো ঘৰৰ পদুলিত আছে এটাকৈ ডাষ্টবিন আৰু ফুলৰ বাগিছা। চাফ চিকুনতাই হৈছে গাঁওখনৰ পৰিচয়। অৱশ্যে গাঁও খনত প্ৰৱেশ কৰাৰ লগে লগে কেতবোৰ নিয়ম মানি চলিব লাগিব। নির্দিষ্ট ঠাইত বহিহে খাব লাগিব খাদ্য। পেলনীয়া সামগ্ৰী ডাষ্টবিনৰ বাহিৰে ক’তো পেলাব নোৱাৰিব। ৰাংচাপাৰা গাঁওখন বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত, আগিয়াৰ পৰা চাৰি কিলোমিটাৰ অৰ্থাৎ গোৱালপাৰা চহৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্ব অৱস্থিত।
নিছানগ্ৰাম: গোৱালপাৰা জিলাৰ আন এখন সুন্দৰ আৰু পৰিস্কাৰ পৰিচ্ছন্ন গাঁও নিছানগ্ৰাম।
ফুমাৰি ভাত খাব পৰা অৱস্থা গাঁওখনৰ বাট-পথৰ ৷ বাটপথত জাৱৰ জোথৰতো দূৰৰে কথা কাগজৰ টুকুৰা বা গছৰ পাত এটাও পথত পৰি থকা দেখা নাযায়। প্লাষ্টিক বৰ্জিত গাঁওখনৰ পথৰ কাষে-কাষে আছে বাঁহৰ ডাষ্টবিন। গাঁওখনত প্ৰৱেশ কৰা প্ৰতিজন লোকৰে মন প্ৰাণ এক অনাবিল আনন্দত ভৰি পৰে ৷ গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু মুক্ত বতাহে পলকতে মন প্ৰাণ পুলকিত কৰে।
গাঁওখনৰ বাটে-পথে থকা শাৰী-শাৰী গছ লতা আৰু বিভিন্ন ৰঙবিৰঙৰ ফুলে প্ৰতিজন প্ৰকৃতিপ্ৰেমিক হাতবাউলি মাতে। সপ্তাহত এদিন গাঁৱৰ যুৱক সকল মিলিত হৈ গাঁওখন পৰিস্কাৰ কৰে। শেহতীয়াকৈ গাঁওখনক আত্মসহায়ক গোটৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিছে। দুধনৈ দামৰাৰ পৰা ২ কিলোমিটাৰ নিলগত আছে এই সুন্দৰ গাঁওখন।
পাগলাৰটেক মন্দিৰ: গোৱালপাৰাৰ পৰা প্রায় ১৫ কিঃমিঃ পশ্চিমত ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত অৱস্থিত পাগলাৰটেক শিৱ মন্দিৰ। জনশ্রুতি মতে পাগলাৰটেক মন্দিৰটো চান্দো সদাগৰৰ দিনতে স্থাপিত হোৱা আৰু তেতিয়াৰ পৰাই পূজা অৰ্চনা চলি আহিছে।
পাগলাৰটেক মন্দিৰটো এক প্রাকৃতিক মনোমোহা পৰিৱেশত অৱস্থিত। অসমৰ ভিতৰত ঐতিহ্যমণ্ডিত মন্দিৰ বিলাকৰ ভিতৰত অন্যতম পাগলাৰটেক মন্দিৰ এটি জাগ্রত মন্দিৰ। ইয়াত অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা শ শ দর্শনার্থীৰ আগমন ঘটে। শিৱৰ মূৰ্তি, গুহা, ভাস্কৰ্য, পুৰনিকলিয়া ইটা থকাৰ লগতে সোণৰ মুদ্ৰাও ইয়াত উদ্ধাৰ হৈছে।
উৰপদ বিল: গোৱালপাৰা জিলাৰ পৰা ৯ কি:মি: দূৰৈত অৱস্থিত এই বিল পশ্চিম অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ। চহকী প্ৰাকৃতিক পৰিৱেশৰে পূৰ্ণ এই হ্ৰদ ভেঁট, মেটেকাকে ধৰি মাছ আৰু পৰিভ্ৰমী পক্ষীৰে পৰিপূৰ্ণ।
কুমৰী হ্ৰদ: সেউজ দৃশ্যৰাজিৰে ভৰপূৰ কুমৰী হ্ৰদ নৰনাৰায়ণ সেঁতুৰ কাষতে আছে ।এই হ্ৰদ পৰ্যটক আৰু ফটোগ্ৰাফাৰসকলৰ বাবে এক প্ৰিয় স্থান।
ডেকধোৱা পাহাৰ: গোৱালপাৰা চহৰৰ পৰা ৭ কিলোমিটাৰ পূৱত অৱস্থিত ডেকধোৱা পাহাৰ সম্ভাৱনাময় এক পৰ্যটনস্থলী। ইয়াত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ মাজাৰ শ্বৰীফ থকাৰ লগতে শিলত খোদিত মূৰ্তি আৰু ভাস্কৰ্যই সনাতন ধৰ্মৰ সাক্ষ্য বহন কৰি আহিছে। পাহাৰখনৰ শিলত খোদিত শিৱ লিংগ, যোনিপীঠ, বিভিন্ন মূৰ্তি থকাৰ লগতে শিলৰ খটখটি আৰু গুহা আছে।
ডুবাপাৰা: গোৱালপাৰা জিলাৰ ডুবাপাৰা পাটী শিল্পৰ বাবে বিখ্যাত। ভাৰত বিখ্যাত এই গাঁওখনৰ সৰহ সংখ্যক পৰিয়ালেই পাটী শিল্পৰ সৈতে জড়িত। পৰম্পৰাগত ভাৱে পাটীশিল্পটোকেই জীৱিকা হিচাপে আঁকোৱালি লৈ শীতল পাটী তৈয়াৰ কৰি আহিছে গাঁওবাসীয়ে। বৃত্তিটোৰ লগত কিশোৰ-কিশোৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৱেই জড়িত হৈ আছে।
গোৱালপাৰা জিলাৰ শীতল পাটীৰ চাহিদা বজাৰত যথেষ্ট আছে। বিশেষকৈ গৰমৰ দিনত ইয়াৰ যথেষ্ট ভাল ব্যৱসায় হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহিঃৰাজ্য আৰু বহিঃ ৰাষ্ট্ৰলৈয়ো ইয়াৰ শীতল পাটী ৰপ্তানি হয়। একমাত্ৰ শীতল পাটীৰ বাবেই গাঁওখন পৰ্যটনস্থলীত পৰিণত হৈছে।
আন আন স্থান সমূহ: ইয়াৰ উপৰিও জিলাখনৰ জয়ভূম কামাখ্যা মন্দিৰ, বগুৱানৰ হাটী সত্ৰ, দৰংগিৰীৰ এছিয়াৰ সৰ্ববৃহৎ কল বজাৰ, জলেশ্বৰৰ পীৰ মাজাৰ আদি উল্লেখযোগ্য পৰ্যটনস্থলী।