ভূমি দখলৰ পিছত এইবাৰ অসমৰ ভূমিত ফিচাৰি নিৰ্মাণ মিজোৰামৰ!

অসমৰ ভূমিত পুনৰ বেদখলৰ চেষ্টা মিজোৰামৰ । এইবাৰ আকৌ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত মিজোৱে নিৰ্মাণ কৰিলে পথ । লগতে ফিচাৰি নিৰ্মাণ কৰাৰো তথ্য পোহৰলৈ আহিছে।

হাইলাকান্দি জিলাৰ গল্লাছেড়া অঞ্চলত মিজোৱে শ শ গছ কাটি নিৰ্মাণ কৰিছে পথ আৰু ফিচাৰি। কিন্তু ইমানৰ পিছতো হাইলাকান্দি জিল‍া প্ৰশাসন আৰু বন বিভাগ এই বিষয়ত আছিল সম্পূৰ্ণ অজ্ঞ।

অৱশেষত NKTVত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছত নিদ্ৰাভংগ হ’ল হাইলাকান্দি জিলা প্ৰশাসনৰ।

আজি হাইলাকান্দি আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলিত উপস্হিত হৈ বুজ লয় পৰিস্হিতিৰ।

ইপিনে অতি সংবেদনশীল এই বিষয়টোক লৈ ৰাজ্য চৰকাৰ তথা হাইলাকান্দি জিল‍া প্ৰশাসনৰ এই লেহেমিয়া নীতিৰ তীব্ৰ সমালোচনা কৰিছে স্থানীয় দল-সংগঠনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...