এটা উটৰ দাম সৰ্বাধিক কিমান হ’ব পাৰে? এটা উটৰ দামে হতচকিত কৰিব আপোনাক

আপুনি হয়তো বিভিন্ন সামগ্ৰীৰ ভিন্ন দাম শুনিছে। এটা উটৰ মূল্য শুনিলে আপুনি আচৰিত হৈ উঠিব। এটা উট এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। উটটোৰ মূল্য শুনিলে আপুনিও আচৰিত হ’ব, এই উটটোৰ দাম ১৪ কোটি ২৩ লাখ টকা। চৌদি আৰৱৰ উট বিশ্বত প্ৰায়ে চৰ্চাত থাকে। মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বাঢ়িছে উটৰ দাম। চৌদি আৰৱত এই উটটোৰ মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল। প্ৰাৰম্ভিক অৱস্থাত উটটোৰ দাম ভাৰতীয় টকাৰ হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ টকা ধাৰ্য কৰা হৈছিল। পিছত এই উটটোৰ মূল্য ১০ কোটিৰ পৰা ১৪ কোটি লৈ বৃদ্ধি পায়। উটটোৰ সৰ্বাধিক মূল্য ৭ মিলিয়ন চৌদি ৰিয়েল নিলাম নিবিদা আছিল। ভাৰতীয় টকাৰ হিচাপত ১৪ কৌটি ২৩ লাখ ৪৫ হাজাৰ টকা। উটটো এই মূল্যত কোনে ক্ৰয় কৰে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৃহৎ মূল্যত বিক্ৰী হোৱা এই বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো নিজৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত। এই প্ৰজাতিৰ উট পাবলৈ তেনেই তাকৰ। যাৰ বাবেই এই প্ৰজাতিৰ উট ক্ৰয় কৰিবৰ বাবে লোকসকলে কোটি কোটি টকা খৰচ কৰে। ৰমজান মাহত উটক অতি গুৰুপূৰ্ণ গণ্য কৰা হয়, কাৰণ চৌদি আৰৱত ৰমজান মাহৰ শেষৰ দিনা উট বলি দিয়া হয়। প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...