সদৌ অসম ডায়েট বিষয়া সন্থাই ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সমগ্ৰ অসমৰ ২৭ খন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ ডায়েটৰ জৰিয়তে প্ৰায় ৫০০০ গছপুলি ৰোপণেৰে আজি এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে। সন্থাৰ সভাপতি ইন্দ্ৰজিৎ গাম আৰু প্ৰধান সম্পাদক ডঃ ঋতু পৰ্ণ মহন্তই সমূহ ডায়েটলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ ২৭ খন ডায়েটে প্ৰবক্তামণ্ডলী, কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। এইবছৰৰ প্লাষ্টিক ব্যৱহাৰ নিৰসন কৰাৰ উদ্দেশ্য তথা আইৰ বাবে এজুপি বৃক্ষ শ্লোগান সাৰোগত কৰি আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ডায়েটে পৰিৱেশ বিষয়ক বক্তৃতা, ছবি অংকন আদি মনোজ্ঞ অনুষ্ঠানৰো আয়োজন কৰে। লগতে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা সজাগতামূলক সমদল উলিওৱা হয়। ডায়েট, কামৰূপে এইক্ষেত্ৰত প্লাষ্টিক বটল বেংক প্ৰতিষ্ঠাৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰে। লগতে প্ৰতিখন ডায়েটে চৌহদত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক মুক্তকৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ‘ডায়েট এক উৎকৰ্ষ কেন্দ্ৰ’ আঁচনিৰ আধাৰত ইতিমধ্যে ডায়েটসমূহক সেউজ চৌহদ হিচাপে প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সঞ্চালক ডঃ নীৰদা দেৱীয়ে জনাই অহা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ ডায়েটসমূহে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। উৎকৰ্ষ কেন্দ্ৰৰ আওতাত অহা তথা অন্যান্য প্ৰায় সংখ্যক ডায়েটেই ইতিমধ্যেই সেউজ শক্তি, পানী সংৰক্ষণ, আৱৰ্জনা ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰ্য পঞ্জীকৰণ আদি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ নিষ্ঠা সহকাৰে আগবঢ়াই নিছে বুলি সন্থাৰ কাৰ্যকৰী সভাপতি ডঃ শিৰোমণি ভূঞাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অসমৰ ডায়েটসমূহক উৎকৰ্ষতাৰ দিশেৰে আগবঢ়াই নিয়াৰ বাবে কৰা বিভিন্ন পদক্ষেপৰো আলোচনা হয় আজিৰ পৰিৱেশ দিৱসৰ কাৰ্যসূচীত। লগতে শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহে সৰ্বাত্মকভাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত সংহত শিক্ষাৰ ধাৰণাসমূহ ৰূপায়ণ কৰি আগবাঢ়িছে বুলি সন্থাৰ প্ৰচাৰ সম্পাদিকাদ্বয় বিথীকা শইকীয়া আৰু তমস্বিনী বৰুৱাই জনাইছে। ইতিমধ্যে সন্থাই ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য তথা ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ ডঃ নিৰদা দেৱীৰ সৈতেও সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হৈছে। অনাগত সময়ত সদৌ অসম ডায়েট বিষয়া সন্থাই এই শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক সৰ্বতোপ্ৰকাৰে উৎকৃষ্টতাৰ দিশেৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে এলানি কাৰ্যসূচীও ঘোষণা কৰিছে, যেনে মাহেকীয়া ৱেবিনাৰ, শিক্ষাবিদ টাবু টাইদ সোঁৱৰণী বাৰ্ষিক বক্তৃতানুষ্ঠান, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ, উদ্ভাৱনীমূলক দিশৰ আলোচনা, উৎকৰ্ষ কেন্দ্ৰৰ ছয় স্তম্ভৰ ৰূপায়ণ, গৱেষণামূলক পত্ৰিকা আৰু গ্ৰন্থ প্ৰণয়ন আদি। সমগ্ৰ অসমজুৰি হোৱা আজি বৃক্ষৰোপণ কাৰ্যসূচীত ৰোপিত গছপুলিসমূহৰ প্ৰতিপালনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা আৰু নজৰ ৰখাৰ কথাও সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শেষত সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰধান সম্পাদক ডঃ ঋতু পৰ্ণ মহন্তই সমগ্ৰ অসমৰ ২৭ খন জিলাত ৫০০০ গছ পুলি ৰোপনৰ অভিলাসী কাৰ্যসূচীৰ সফল ৰূপায়ন কৰা সমুহ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লগতে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
