এইবাৰৰ কমনৱেলথ গেমছত থাকিব মহিলা ক্ৰিকেট

বিশ্বৰ অন্যতম জনপ্ৰিয় খেল ক্ৰিকেটক এইবাৰ দেখা যাব বাৰ্মিংহামত অনুষ্ঠিত হ’ব লগা ২০২২ কমনৱেলথ গেমছত। মঙলবাৰে এই কথা ঘোষণা কৰে International Cricket Council (ICC)য়ে।

যোৱা সপ্তাহত কুয়ালালামপুৰত অনুষ্ঠিত মহিলা T-20 কমনৱেলথ গেমছ কোৱালিফায়াৰত শ্ৰীলংকান মহিলা দলে জয়লাভ কৰাৰ পিছত অষ্ট্ৰেলিয়া, বাৰ্বাডোছ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত ৮টা দলৰ লাইন-আপ সম্পূৰ্ণ কৰে আইচিচিয়ে।

প্ৰতিযোগিতাখন লীগ পৰ্যায়ত দুটা গ্ৰুপত খেলা হ’ব। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ লগতে, গ্ৰুপ A-ত বাৰ্বাডোছ আৰু পাকিস্তানো অন্তৰ্ভুক্ত আছে। ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাই গ্ৰুপ B-ত আধিপত্যৰ বাবে যুঁজ দিব।

২৯ জুলাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ’ব। আনহাতে, পদকৰ খেলসমূহ ৭ আগষ্টত অনুষ্ঠিত হ’ব।

দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট কমনৱেলথ গেমছৰ অংশ হ’ব। শেষবাৰৰ বাবে ১৯৯৮ চনত কুয়ালালামপুৰত দক্ষিণ আফ্ৰিকাৰ পুৰুষ দলে স্বৰ্ণ জয় কৰিছিল আৰু অষ্ট্ৰেলিয়াই ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...