কপালত নাছিল…কল্ডপ্লেৰ টিকট পাইও চাবলৈ নাপালে প্ৰাচীয়ে

আপুনি যদিহে পাশ্চাত্য সংগীত ভাল পায় তেন্তে কল্ডপ্লেৰ গীত নিশ্চয় শুনিছে। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ১৮ জানুৱাৰীত কল্ডপ্লেৰ কনচাৰ্টত বেণ্ডটোৰ সংগীত অনুষ্ঠান উপভোগ কৰি হাজাৰ হাজাৰ অনুৰাগী মন্ত্ৰমুগ্ধ হৈ পৰে। ক্ৰীছ মাৰ্টিনৰ নেতৃত্বত ব্ৰিটিছ ৰক বেণ্ডটোৱে এক দৰ্শনীয় অনুষ্ঠান পৰিৱেশন কৰিছিল য’ত এক অবিস্মৰণীয় অনুষ্ঠান উপহাৰ দিছিল অনুৰাগীক। কিন্তু অজস্ৰ অনুৰাগীয়ে এক অবিস্মৰণীয় সন্ধিয়াৰ অভিজ্ঞতা লাভৰ সময়তে আন এক দুৰ্ভাগ্যজনক কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে।
কনচাৰ্টৰ বাবে আগ্ৰহেৰে বাট চাই থকা প্ৰাচী সিং নামৰ অনুৰাগীগৰাকীয়ে ইনষ্টাগ্ৰামত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ ঠিক পূৰ্বে কল্ডপ্লেৰ টিকট কিদৰে হেৰুৱাইছিল সেই বিষয়ে এক হৃদয়বিদাৰক কাহিনী শ্বেয়াৰ কৰে। প্ৰাচী সিঙে নিজৰ পোষ্টটোত বৰ্ণনা কৰি লিখিছে, “হয়, কালি মোৰ সৈতে কেতিয়াও আশা নকৰা ঘটনাটো ঘটিল। মই দুটা কল্ডপ্লেৰ টিকট পাইছিলোঁ আৰু টিকট দুটা ডাইনিং টেবুলত সামৰি ৰাখি থোৱা আছিল। আজি অনুষ্ঠান উপভোগ কৰিবলৈ আমি সাজু হৈছিল, ড্ৰাইভাৰজন ৰৈ আছিল, যাবলৈ ওলাই আমি টিকট বিচাৰি চলাথ কৰিলো কিন্তু ক’তোৱেই নাপালোঁ৷ আমাৰ ঘৰত বন কৰা মহিলাগৰাকীয়ে শেষত ক’লে, ঘৰ চাফা কৰি থাকোঁতে আৱৰ্জনা বুলি ভাবি টিকট দুটাও পেলাই দিলে।
প্ৰাচী সিঙৰ মতে ঘৰৰ অৱশিষ্টৰ সৈতে ভুলতে টিকট দুটা পেলাই দিয়াৰ লগে লগে সকলো আশা নিমিষতে স্বপ্নভংগ গ’ল। সিঙে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছিল যে জাঁৱৰৰ দমতো বনুৱাসকলে প্ৰাচীৰ বেদনা দেখি বিচাৰিছিল কিন্তু বিচাৰি নাপালে। ভিডিঅ’টোৰ কেপচনত লিখিছিল, “কল্ডপ্লে কে টিকট কচড়ে ম্যে চলে গয়ে।” ইয়াৰ পিছতে ভিডিঅ’টো ভাইৰেল হৈ পৰে, এই ভিডিঅ’টোক লৈ বিভিন্নজনে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...