১৩ হাজাৰ ফুট উচ্চতাৰ পৰা সৰি পৰি কি হ’ল এই গৰাকী যুৱতীৰ?

স্কাইড্ৰাইভিং কৰা এগৰাকী দুৰ্দান্ত সাহসী মহিলা। ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা মাটিত জপিয়াইও মৃত্যুৰ মূখৰ পৰা উভতি আহিছে যুৱতীগৰাকীয়ে। বৰ্জেনিয়াৰ বাসিন্দা ৩৫ বয়সীয়া এই যুৱতীগৰাকীৰ নাম জৰ্ডান হাতমাকেৰ।

‘দ্যা ছান’ৰ বাতৰি অনুসৰি এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত, তেওঁ সুস্থ হৈ পুনৰ স্কাইডাইভিং কৰিবলৈ সাজু হৈছে। তেওঁৰ লগত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে জনায় যে, এই ঘটনাটো কেৱল ৩০ ছেকেণ্ডৰ ভিতৰত সংঘটিত হৈছিল। তেওঁ প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা জপিয়াইছিল। কিন্তু অলপদূৰ তললৈ অহাৰ পিছত যুৱতীগৰাকীয়ে পেৰাছ্যুট খোলাত যুৱতীগৰাকীৰ ভৰিৰ মাজত পেৰাছ্যুটখন ওলমি ৰৈছিল। যাৰ ফলত তেওঁ ২০০ কিঃমিঃ/ঘন্টাত তললৈ সৰি পৰিছিল।

কেইছেকেণ্ডৰ ভিতৰতে জৰ্ডান আকাশৰ পৰা তললৈ সৰি পৰিছিল আৰু বিষত হাহাকাৰ কৰিছিল। তেওঁ নিশ্চিত আছিল যে তেওঁ আৰু জীয়াই নাথাকিব। জৰ্ডানে মাটিত সৰিপৰাৰ লগে লগে তেওঁৰ ভৰি, মেৰুদণ্ডো ভাঙি গৈছিল। লগতে তেওঁ জনায় যে তেওঁৰ শৰীৰৰ এনে কোনো অংশ নাই য’ত তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই। ইমান উচ্চতাৰ পৰা সৰিপৰাৰ পিছতো এই যুৱতীগৰাকী মূৰ্চা নগ’ল আৰু তেওঁৰ সেই ভয়ংকৰ বিষবোৰ অনুভৱ কৰিছিল।

এই ঘটনাটোৰ পিছত যুৱতীগৰাকী ২৫দিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তেওঁ নিজৰ ভৰিত থিয় হ’বলৈ প্ৰায় ৩মাহ সময় লাগিছিল। মহিলাগৰাকীয়ে এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। তেওঁ জনায় যে, স্কাইড্ৰাইভিং কৰাতো তেওঁৰ সপোন, স্কাইড্ৰাইভিং তেওঁ কেতিয়াও এৰিব নোৱাৰে। অতিসোনকালে তেওঁ পুনৰ আকাশৰ পৰা জপিয়াব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত বিশেষ জুৰী বঁটা লাভ অসমীয়া ছবি ‘আদিশক্তি’ৰ

অসমীয়া চলচ্চিত্ৰ জগতলৈ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম...

‘ৰৈ ৰৈ বিনালে’ৰ অভূতপূৰ্ব সফলতা: উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ প্ৰকাশ

অসমীয়া চলচ্চিত্ৰ জগতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু...

জুৰোডস্থিত Rianshi Developersৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GSTৰ অভিযান, কৰ ফাঁকিৰ অভিযোগ

গুৱাহাটীৰ জু ৰোডস্থিত ৰিয়েল ইষ্টেট কোম্পানী Rianshi Developersৰ ব্যৱসায়িক...