মৈমনসিং বনাঞ্চলত কপিকুলৰ খাদ্য সংকট!

জনবিস্ফোৰণৰ লগে লগে সংকুচিত হৈ আহিছে বনাঞ্চলসমূহ। বাংলাদেশৰ মৈমনসিং বনাঞ্চলত বৰ্তমান দেখা দিছে খাদ্য সংকটে। বেত আৰু শালবনৰ মাজত চৰি থকা বান্দৰসমূহ সম্প্ৰতি খাদ্যৰ সংকটত ভুগিব লগীয়া হৈছে। এনে সময়ত মানুহৰ দয়াৰ ওপৰতে নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈছে বৃহৎ বান্দৰৰ জাক। অঞ্চলটোলৈ বছৰৰ সকলো সময়তে দৈনিক বহুসংখ্যক পৰ্যটকৰ আগমন ঘটে। আৰু এই পৰ্যটক সকলেই খোৱাৰ যোগান ধৰে কপিকুলক। ইয়াৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছে বান্দৰ আৰু কপিকুলৰ মাজত এক আন্তৰিক সম্পৰ্ক।

যাৰ বাবে এই বান্দৰ বিলাকে নাম পাইছে সামাজিক বান্দৰ। বান্দৰ সমূহৰ বাবে বন বিষয়াৰ কাৰ্যালয়ৰ আশে-পাশে গঢ়ি উটিছে কেইবাখনো দোকান। বৰ্তমান দোকানসমূহত মানুহতকৈ বান্দৰৰ খাদ্যহে অধিক উপলব্ধ। এই দোকান বিলাকৰ আশে-পাশে ৰৈ থাকে বহুতো কপিকুল। তাৰ পিচত মানুহৰ কান্ধত উঠি ভক্ষণ কৰে মানুহে দিয়া খাদ্য।

কিন্তু শেহতীয়াভাবে সৃষ্টি হৈছে এক গভীৰ সংকটৰ। ৰমজান মাহৰ বাবে কমি গৈছে পৰ্যটকৰ আগমন। যাৰবাবে এতিয়া খাদ্যৰ আভাবত ভুগিছে বান্দৰবোৰে। প্ৰতিবছৰেই এনে পৰিস্থিতিৰ সৃষ্টি হয়। সেয়ে ৰমজান মাহত বান্দৰবোৰক খুৱাবৰ বাবে বনবিভাগৰ হাতত বিশেষ পুঁজি থাকে। কিন্তু বছৰে বছৰে বান্দৰৰ সংখ্যা বাঢ়ি অহাৰ বিপৰীতে বন বিভাগৰ হাতত জমা থাকিবলগীয়া পুজিৰ পৰিমাণ বঢ়া নাই।

এনে পেক্ষাপটত এতিয়া বনাঞ্চলৰ বান্দৰে খাদ্যৰ সন্ধানত ঢাপলি মেলিছে চুবুৰীয়া জনাঞ্চললৈ। উপক্ৰম ঘটিছে আন এক সংঘাত সৃষ্টিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...