১৩ হাজাৰ ফুট উচ্চতাৰ পৰা সৰি পৰি কি হ’ল এই গৰাকী যুৱতীৰ?

স্কাইড্ৰাইভিং কৰা এগৰাকী দুৰ্দান্ত সাহসী মহিলা। ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা মাটিত জপিয়াইও মৃত্যুৰ মূখৰ পৰা উভতি আহিছে যুৱতীগৰাকীয়ে। বৰ্জেনিয়াৰ বাসিন্দা ৩৫ বয়সীয়া এই যুৱতীগৰাকীৰ নাম জৰ্ডান হাতমাকেৰ।

‘দ্যা ছান’ৰ বাতৰি অনুসৰি এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত, তেওঁ সুস্থ হৈ পুনৰ স্কাইডাইভিং কৰিবলৈ সাজু হৈছে। তেওঁৰ লগত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে জনায় যে, এই ঘটনাটো কেৱল ৩০ ছেকেণ্ডৰ ভিতৰত সংঘটিত হৈছিল। তেওঁ প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা জপিয়াইছিল। কিন্তু অলপদূৰ তললৈ অহাৰ পিছত যুৱতীগৰাকীয়ে পেৰাছ্যুট খোলাত যুৱতীগৰাকীৰ ভৰিৰ মাজত পেৰাছ্যুটখন ওলমি ৰৈছিল। যাৰ ফলত তেওঁ ২০০ কিঃমিঃ/ঘন্টাত তললৈ সৰি পৰিছিল।

কেইছেকেণ্ডৰ ভিতৰতে জৰ্ডান আকাশৰ পৰা তললৈ সৰি পৰিছিল আৰু বিষত হাহাকাৰ কৰিছিল। তেওঁ নিশ্চিত আছিল যে তেওঁ আৰু জীয়াই নাথাকিব। জৰ্ডানে মাটিত সৰিপৰাৰ লগে লগে তেওঁৰ ভৰি, মেৰুদণ্ডো ভাঙি গৈছিল। লগতে তেওঁ জনায় যে তেওঁৰ শৰীৰৰ এনে কোনো অংশ নাই য’ত তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই। ইমান উচ্চতাৰ পৰা সৰিপৰাৰ পিছতো এই যুৱতীগৰাকী মূৰ্চা নগ’ল আৰু তেওঁৰ সেই ভয়ংকৰ বিষবোৰ অনুভৱ কৰিছিল।

এই ঘটনাটোৰ পিছত যুৱতীগৰাকী ২৫দিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তেওঁ নিজৰ ভৰিত থিয় হ’বলৈ প্ৰায় ৩মাহ সময় লাগিছিল। মহিলাগৰাকীয়ে এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। তেওঁ জনায় যে, স্কাইড্ৰাইভিং কৰাতো তেওঁৰ সপোন, স্কাইড্ৰাইভিং তেওঁ কেতিয়াও এৰিব নোৱাৰে। অতিসোনকালে তেওঁ পুনৰ আকাশৰ পৰা জপিয়াব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...