কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়া, বিষাক্ত খিচিৰি খাই মৃত্যু এগৰাকী মহিলাৰ

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা। বিষক্ৰিয়াত আক্ৰান্ত হৈ স্বৰমতী মুণ্ডা নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাই মৃত্যুক সাবটি লৈছে। কাটিগড়া সমষ্টিৰ চাহ বাগিচাখনত বিষাক্ত খিচিৰি খাই অসুস্থ হৈ পৰিছিল আন ২৫ জন লোক। অসুস্থ সকলৰ ৭জনক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হৈছে। ওচৰৰ শাল চাপৰাত অনুষ্ঠিত পূজাৰ পৰা অনা হৈছিল এই খিচিৰিখিনি। ঘটনাৰ খবৰ পোৱাৰ পিছতে চিকিৎসকৰ দল এটাই চাহ বাগিচাখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...