এইবাৰ মাজুলীত জব্দ হ’ল বৃহৎ পৰিমাণৰ মদ

মাজুলীৰ লুইত খাবলুত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে সুৰা সৰবৰাহ কৰা এখন স্কুটি জব্দ। মাজুলীৰ গড়মূৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলৰ অভিযান। গোপন সূত্ৰৰ পম খেদি লুইত খাবলু পঞ্চায়তৰ শান্তিপুৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা আৰু সুৰা সৰবৰাহ কৰা AS- 03Z-1016 নম্বৰৰ এখন স্কুটী বাহন জব্দ কৰে। পূৰ্বে লখিমপুৰ জিলাত সংলগ্ন লুইত খাবলু পঞ্চায়তৰ বিভিন্ন স্থানত অবাধে সুৰাৰ প্ৰচলনে পৰিৱেশ বিনষ্ট কৰাৰ বিৰুদ্ধে সৰৱ মাজুলীৰ আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই আহিছে। এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে প্ৰায় ৭০০ বটল অবৈধ সুৰা জব্দ কৰাৰ লগতে নিশাও বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...