নোবেল বঁটা বিচাৰিলেই পাবনে ড’নাল্ড ট্ৰাম্পে? জানেনে এই দৌৰত কোন কোন আছে?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইবাবাৰো নিজকে নোবেল শান্তি বঁটা দিয়াৰ দাবী জনাইছে। এই বছৰ কোনে এই বঁটা লাভ কৰিব, তাক লৈ সৃষ্টি হৈছে এক জল্পনা-কল্পনা। যদিও এই জল্পনা-কল্পনা শেষ হ’বলৈ মাথোঁ এদিন বাকী আছে। নৰৱেৰ ৰাজধানী অ’ছলোত থকা নোবেল কমিটিয়ে শুকুৰবাৰে দুপৰীয়া প্ৰায় ৩ বজাত নোবেল শান্তি বঁটাৰ ঘোষণা কৰিব।

ট্ৰাম্পে বহুবাৰ বিশ্বৰ মঞ্চত কৈছে যে, তেওঁ নোবেল শান্তি বঁটাৰ যোগ্য কাৰণ তেওঁ ৮খন যুদ্ধ বন্ধ কৰিছে। কিন্তু বিশেষজ্ঞসকলৰ মত বেলেগ। তেওঁলোকে কয় যে, ট্ৰাম্পক এই বছৰ নোবেল কমিটিয়ে নিৰ্বাচিত নকৰিব, অন্ততঃ এই বছৰ তেনে সম্ভাৱনা নাই। ট্ৰাম্পে ৫০ বাৰতকৈ অধিক দাবী কৰিছে যে, তেওঁ পাৰমাণৱিক অস্ত্ৰধাৰী ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি কৰাইছে।

ছুইডিছ প্ৰফেছৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষজ্ঞ পিটাৰ ৱেলেনষ্টিনে কৈছে যে, ট্ৰাম্পে এই বছৰ নোবেল নাপাব। তেওঁৰ মতে, হয়তো পৰৱৰ্তী বছৰ তেওঁ এই বঁটা লাভ কৰিব পাৰে, কাৰণ তাৰ ভিতৰত গাজাৰ যুদ্ধ বন্ধ হৈ যাব। এতিয়া প্ৰশ্ন হৈছে, যদি ট্ৰাম্পে নোবেল নাপায়, তেন্তে কোনে পাব?

নোবেল শান্তি বঁটাৰ দৌৰত কোন?

এই বছৰ নোবেল শান্তি বঁটাৰ বাবে ৩৩৮জন ব্যক্তি আৰু সংস্থাক মনোনীত কৰা হৈছে। শুকুৰবাৰে কেৱল বিজয়ীৰ নাম ঘোষণা কৰা হ’ব, আৰু বাকী তালিকাখন আগলৈ ৫০ বছৰলৈ গোপন ৰখা হ’ব। যোৱা বছৰ এই বঁটা জাপানৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকৰ সংগঠন নিহন হিডানক্যোক দিয়া হৈছিল, যিসকলে পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণৰ প্ৰচেষ্টা চলাইছিল।

এই বছৰ বিজয়ীৰ সম্ভাৱনাৰ বিষয়ে বহুতো চৰ্চা চলিছে। তাৰ ভিতৰত আছে ছুডানৰ জৰুৰী প্ৰতিক্ৰিয়া দল (ইমাৰ্জেন্সি ৰেচপন্স টিম), যিটো এনে স্বেচ্ছাসেৱীৰ নেটৱৰ্ক যিয়ে যুদ্ধ আৰু দুৰ্ভিক্ষৰ মাজত নাগৰিকৰ সহায়ৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰি কাম কৰে। ৰাছিয়াৰ বিৰোধী নেতা এলেক্সি নাভালনিৰ নামো আলোচনাত আছে। অফিচ ফৰ ডেম’ক্ৰেটিক ইনষ্টিটিউচনছ এণ্ড হিউমেন ৰাইটছ (OSCE) নামৰ সংস্থাটোও দৌৰত আছে, যিটো নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে পৰিচিত।

ৰাষ্ট্ৰসংঘৰ সৈতে জড়িত ব্যক্তি-সংস্থাও দৌৰত

কিছুসংখ্যকে কয় যে, নোবেল কমিটিয়ে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছ, ৰাষ্ট্ৰসংঘৰ উচ্চপদস্থ শৰণাৰ্থী আয়ুক্ত (UNHCR) বা ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা (UNRWA)ক বাছনি কৰিব পাৰে, কাৰণ এই সংস্থাসমূহে ফিলিষ্টিনত সাহায্য কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আন একাংশৰ মতে, কমিটিয়ে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ICC), আন্তঃৰাষ্ট্ৰীয় আদালত (ICJ), সাংবাদিকৰ সুৰক্ষা সমিতি বা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছৰ দৰে সংবাদমাধ্যম পৰ্যবেক্ষণকাৰী সংস্থাকো এই সন্মান দিব পাৰে।

বঁটাৰ সৈতে পাব ১২ লাখ আমেৰিকান ডলাৰ

এই বঁটা আলফ্ৰেড নোবেলৰ মৃত্যুৰ তাৰিখ ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব। প্ৰতিটো বঁটাৰ সৈতে ১১ কোটি ছুইডিছ ক্ৰ’নাৰ (প্ৰায় ১২ লাখ আমেৰিকান ডলাৰ) দিয়া হয়। বিজয়ীসকলক ১৮ কেৰেটৰ সোণৰ পদক আৰু এখন প্ৰশস্তি পত্ৰো প্ৰদান কৰা হয়। প্ৰতিটো বঁটাৰ বাবে সৰ্বাধিক ৩ জন বিজয়ীয়ে বঁটাৰ ধনৰাশি ভাগ-বাটোৱাৰা কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...