সম্পূৰ্ণৰূপে উৎখাত হ’বনে লখিমপুৰৰ অবৈধ স্বৰ্ণভাণ্ডাৰ?

কি পৰ্যায়ত আছে SP আনন্দ মিশ্ৰৰ অভিযান?

দুৰ্নিবাৰ গতিত চলিব স্বৰ্ণ অভিযান। কোনো সাৰি নাযাব। নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে সাধাৰণ লোকেও দিব পাৰিব অভিযোগ। অন্যান্য বেআইনী কামৰ বিৰুদ্ধেও দিব পাৰিব অভিযোগ। এইবাৰ ৰাইজক লগত লৈ আগবাঢ়িব আই পি এছ মিশ্ৰ।

ইতিমধ্যে, লখিমপুৰৰ SP আনন্দ মিশ্ৰই মুকলি কৰিছে হেল্পলাইন নম্বৰ
হেল্প লাইন নম্বৰ 60008 15799
অভিযোগকাৰীৰ নাম গোপনে ৰখাৰ ঘোষণা আনন্দ মিশ্ৰৰ
ৰাইজক একো একোজন চিপাহী আখ্যা আনন্দ মিশ্ৰৰ

এই অংগীকাৰে সকাহ দিছে লখিমপুৰবাসীক। তাৰ মাজতে ৰাজ্যত তত্পৰ হৈয়ে আছে নকল সোণ সৰবাৰহৰ বৃহত চক্ৰটো। শেহতীয়াকৈ অবৈধ নকল সোণ সৰবৰাহৰ অভিযোগত তেজপুৰত আটক ৪, মহানগৰীত ২।

উল্লেখনীয়ভাৱে, মহানগৰীত গড়চুকত গ্রেপ্তাৰ হোৱা ২ নকল সোণ সৰবৰাহকাৰী ক্ৰমে ৰছিদুল আলী, ইনামূল আলীৰ লিংক পোৱা গৈছে লখিমপুৰৰ সৈতে। প্রায় ৪ কিলো নকল সোণ ৩ লাখ টকাত দৰ-দাম কৰি উত্তৰ প্রদেশৰ এজন লোকক প্রৱঞ্চনা কৰিব বিচাৰিছিল দুয়ো। লখিমপুৰৰ দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ। কিন্তু নকল সোণৰ ব্যৱসায়ৰ হাব হৈ পৰা লখিমপুৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও পিয়াপি দিয়ে ফুৰিছে বহু চন্তৰীয়ে।

চিপাহী কেৱল আনন্দ মিশ্ৰৰে নহয়, সৰবৰাহকাৰীৰো আছে!

ইফালে তেজপুৰত আটক চাৰিজন নকল সোণ বেপাৰীৰ পৰা শালনিবাৰী আৰক্ষীয়ে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১ কিলো ওজনৰ ৫টা সন্দেহজনক নকল সোণৰ বিস্কুট। নকল সোণৰ সন্দেহত শেহতীয়া মন্তব্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও।

এইদৰেই আৰক্ষী আৰু নকল সোণ বেপাৰীৰ মাজত এতিয়া এক ৰণৰ পৰিৱেশ। যদিও এই ৰণৰ আৱাজ এতিয়ালৈ বৰ বিশেষ গুঞ্জৰিত হোৱা নাই, তথাপিও অতি সোনকালে যে এই ৰণত বহু ৰক্তাৰক্তিৰ খেল হব পাৰে, তাৰ আশংকা কৰিছে সাধাৰণ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...