জোনমণি ৰাভাৰ দৰেই পাহৰণিৰ গহ্বৰত সোমাই পৰিব নেকি সুনীল গগৈৰ প্ৰসংগ?

সুনীল গগৈৰ ঘটনাৰ প্ৰসংগও ক্ৰমাত জোনমণি ৰাভাৰ ঘটনাৰ দৰেই পাহৰণিৰ গহ্বৰত সোমাই পৰিব নেকি? ১ জুনৰ নিশাই সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনা। দিন বাগৰি বাগৰি আজি ঘটনাৰ ৪৯ দিন অতিক্ৰম কৰিলে। আজি পৰ্যন্ত কেৱল বিভ্ৰান্তি আৰু বিভ্ৰান্তি। আৰক্ষীয়ে অভিযানৰ নামত ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ ইটোৰ পাছত সিটো পুখুৰী সিঁচিলে। কিন্তু একোৱেই নাপালে। মৃতদেহটো প্ৰথমে সুনীল গগৈৰ বুলি কোৱাৰ পাছত DNAৰ পৰীক্ষাত সেই মৃতদেহ সুনীলৰ ৰাজ-মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলিহে প্ৰমাণ হ’ল। জাহাংগীৰৰ ছিন্ন মুণ্ড বিচাৰিও আৰক্ষীয়ে চলাথ কৰিলে সাপতিয়া চেতিয়া গাঁও। তাৰ পাছতো সফল নহ’ল আৰক্ষী। থানালৈ বাৰেবাৰে মাতি জেৰা কৰিলে সুনীল গগৈৰ পত্নী-পুত্ৰ-ভতিজাকক। একোৱেই নাপালে। আৰক্ষীৰ পৰা সেই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হল CIDক। অভিযানৰ নামত সোধা-পোছা কৰিলে। সুনীলৰ পত্নীক প্ৰশ্ন কৰিলে আপুনি শিৰত সেন্দুৰ কিয় নলয়। আপুনি বগাসাজ ত্যাগ কৰক, সুনীল গগৈ জীয়াই আছে। ইয়াকে লৈ এতিয়া অসন্তুষ্ট সুনীলৰ পত্নী পুষ্পা গগৈ। তেওঁ প্ৰমাণ বিচাৰিছে CIDৰ পৰা। যদি সুনীল গগৈ জীয়াই আছে তেন্তে CIDয়ে প্ৰমাণ দিয়ক। তেওঁলোকে কলেই মই নামানো। এতিয়া CIDৰ ওপৰতে সন্দেহ উপজিছে সুনীলৰ পত্নীৰ। তেওঁলোকেই হয়তো মোৰ স্বামীক হত্যা কৰিছে নহলে লুকুৱাই থৈছে। CIDয়ে তদন্ত চলাই আছে। বাৰেবাৰে থানালৈ আহি শৈক্ষিক জীৱনৰ সমস্যাত পৰিছে সুনীলৰ পুত্ৰ। হাৰাশাস্তিৰ সন্মুখীন হৈছে পত্নীও। কিন্তু আজিও ভেদ ন’হল হত্যাৰ প্ৰকৃত ৰহস্য। কিয় হত্যা কৰা হ’ল ধুবুৰীৰ ৰাজমিষ্ট্ৰি জাহাংগীৰ হুছেইনক? সম্ভেদ নাই জাহাঙ্গীৰ হুছেইনৰ ছিন্ন মুণ্ডৰ, সন্ধান নাই আৰক্ষীয়ে পলাতক ঘোষনা কৰা সুনীল গগৈৰো। এনে সময়তে ৰাজ্যৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ CIDয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে চাঞ্চল্যকৰ ঘটনাৰ সকলো দিশ। CIDৰ দুজনকৈ অধীক্ষক অমৃত ভূঞা আৰু সুধাকৰ সিঙৰ নেতৃত্বত দুটা ভাগত চলি আছে ১ জুনৰ নিশা ঢকুৱাখনাত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ তদন্ত। ৰাজ্য চৰকাৰৰ ফৰেঞ্চিক উপদেষ্টা তথা গুজৰাটৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কেশৱ কুমাৰৰ নেতৃত্বত এটা দলে লখিমপুৰত বাহৰ পাতি নিৰীক্ষণ কৰি আছে সমগ্ৰ ঘটনা। তাৰ মাজতে জেৰাৰ সন্মুখীন হোৱা সুনীলৰ শালপতি শালপতি বিবিধ গগৈয়ে NKTVৰ সন্মুখত সদৰি কৰিছে কেইটামান চাঞ্চল্যকৰ তথ্য। ১ জুনৰ নিশা ঘটনাৰ খবৰ পাই ঢকুৱাখনাৰ দীঘলাগাঁৱৰ পৰা সাপতিয়া চেতিয়া গাঁও অভিমুখে ৰাওনা হৈছিল সুনীলৰ শালপতি। ইটাখুলি পাওঁতেই এখন গাড়ী দেখা পাইছিল সুনীলৰ শালপতি বিবিধ গগৈয়ে। কলা ৰঙৰ এখন গাড়ী তেতিয়া পাৰ হৈছিল সেই স্থানেৰে। সেই গাড়ীখনৰ পৰা চালকে প্ৰশ্ন কৰিছিল সুনীলৰ শালপতিক। ঢকুৱাখনালৈ কোনপিনে যায়। এতিয়া এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। সেইখন গাড়ীখনত কোন আছিল। এই ঘটনাৰে সেই গাড়ীখনৰ কিবা সম্পৰ্ক আছিল নেকি। এতিয়া ঘনীভূত হৈছে ৰহস্য।

সুনীলৰ পত্নীয়েও এতিয়া একাধিক প্ৰশ্ন উত্থাপন কৰিছে CIDৰ বিৰুদ্ধে। লগতে দাবী কৰিছে যদি CID আৰু আৰক্ষীয়ে কোৱাৰ দৰেই সুনীল গগৈ দোষী হয় তেন্তে সুনীলৰ সন্ধান উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰক। কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ সুনীল গগৈ জীয়াই আছে বুলি কিয় দাবী কৰিছে CIDয়ে। সুনীলৰ পৰিয়ালৰ এটাই দাবী ঘোচখোৰ অভিযন্তা জয়ন্ত গোস্বামীক এতিয়াও সোধা-পোছা কৰা হোৱা নাই কিয়? হয়তো জয়ন্ত গোস্বামীক জেৰা কৰিলেই বহু কথাই পোহৰলৈ আহিব। কিন্তু সেয়া হোৱা নাই। এতিয়া CIDৰ তদন্তত এই ঘটনাই কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...