অচিৰেই টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধিব নেকি ৰিয়ান পৰাগে?

অচিৰেই টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধিব নেকি ৰিয়ান পৰাগে?
T-20ত ৭টা ক্ৰমাগত অৰ্ধ শতকৰ বিশ্ব অভিলেখৰ পিছত উজ্জ্বল এই সম্ভাৱনা
বিশ্বকাপৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলত ৰিয়ান!
অচিৰেই ঘোষণা হ’ব ৫খনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল


শেহতীয়া ছৈয়দ মুস্তাক আলী T-20 ক্ৰিকেটত ৭টা অৰ্ধ শতকেৰে বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰি অসম সন্তান ৰিয়ান পৰাগে দৃষ্টি কাঢ়িছে নিৰ্বাচকৰ। বিশ্বকাপ সামৰণিৰ পিছতে ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া শৃংখলাৰ প্ৰথমখন খেল। এই শৃংখলাত জিৰণি দিয়া হ’‍ব টীম ইণ্ডিয়াৰ কেইবাগৰাকী জ্যেষ্ঠ খেলুৱৈক। টীম ইণ্ডিয়াৰ দলত ৰিয়ান অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে। ইতিমধ্যে ক্ৰিকেট বিশ্লেষকসকলে ৰিয়ানে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান পাব বুলি মত প্ৰকাশ কৰিছে।

মুস্তাক আলী প্ৰতিযোগিতাত ১০খন খেলত ৫১০ ৰান ৰিয়ানৰ
ৰিয়ানৰ গড় আছিল ৮৫ আৰু ষ্ট্ৰাইক ৰেট ১৮২.৭৯
ৰাজস্থান ৰয়েল্ছৰ হৈ IPL খেলা ৰিয়ানে লাভ কৰিছিল ১১ উইকেট
বলিঙত ইক’নমী ৰেট আছিল ৭.২৯ আৰু গড় ২৪.৫৪
দেওধৰ ট্ৰফীতো ৫খন খেলত ৰিয়ানে কৰিছিল সৰ্বাধিক ৩৫৪ ৰান
ৰিয়ানৰ বেটিং গড় আছিল ২৮.৫০, ষ্ট্ৰাইক ৰেট ১৩৬.৬৭
পূব মণ্ডলৰ হৈ ১৯.০৯ গড়ে ৰিয়ানে লাভ কৰিছিল ১১টা উইকেট
এজন সুদক্ষ ফিল্ডাৰ হোৱাৰ বাবে ৰিয়ানৰ সম্ভাৱনা অধিক উজ্জ্বল


ভাৰতীয় দলত কেইবাজনো জ্যেষ্ঠ খেলুৱৈক জিৰণি দিয়াৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াক সূৰ্যকুমাৰ যাদৱে নেতৃত্ব দিব বুলি বাতৰি প্ৰকাশ পাইছে। টীম ইণ্ডিয়াত স্থান পাব এছিয়ান গেম্ছত স্বৰ্ণপদকপ্ৰাপ্ত ভাৰতীয় দল কেইবাগৰাকী খেলুৱৈয়ে। মুস্তাক আলী প্ৰতিযোগিতাত সুদক্ষ প্ৰদৰ্শন আগবঢ়োৱা ভুবনেশ্বৰ কুমাৰ, IPLৰ নতুন তাৰকা ৰিংকু সিং আদিয়েও টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধা সম্ভাৱনা উজ্জ্বল হৈ পৰিছে।

12 COMMENTS

  1. I’m really impressed with your writing skills and also with the layout on your weblog. Is this a paid theme or did you modify it yourself? Anyway keep up the nice quality writing, it’s rare to see a great blog like this one nowadays..

  2. What i do not realize is in truth how you’re not really much more well-appreciated than you may be right now. You are so intelligent. You know thus considerably in the case of this topic, produced me personally imagine it from numerous various angles. Its like women and men don’t seem to be involved except it is something to do with Girl gaga! Your own stuffs excellent. All the time handle it up!

  3. hello!,I love your writing so so much! proportion we communicate extra approximately your article on AOL? I require a specialist in this house to solve my problem. Maybe that is you! Having a look ahead to see you.

  4. I was just seeking this information for a while. After six hours of continuous Googleing, finally I got it in your web site. I wonder what’s the lack of Google strategy that don’t rank this kind of informative websites in top of the list. Normally the top websites are full of garbage.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে,...

সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথত আকৌ প্ৰতিবন্ধকতা

স্পেচএক্সে কেনেডী স্পেচ চেণ্টাৰত হাইড্ৰ’লিক চিষ্টেমত সমস্যা ধৰা পৰাৰ...

নিজাকৈ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ

ভাৰতে এতিয়া নিজৰ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ দিশত এক...