নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতি
নেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’
বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে

২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। শুকুৰবাৰে কেন্দ্ৰীয় শাসিত ৰাজ্যখনত নিৰ্বাচনত ঘোষণাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত হঠাৎ বৃদ্ধি পাইছে তৎপৰতা। কিন্তু প্ৰশ্ন উঠিছে ৩৭০ ধাৰা বাতিলৰ পিছত বিজেপিয়ে দাবী কৰা ‘নতুন কাশ্মীৰ’ত কি হ’ব নিৰ্বাচনী ইছ্যু?

নেচনেল কনফাৰেন্সে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

ক্ষমতালৈ আহিলে নেচনেল কনফাৰেন্সে বিধান সভাত ৩৭০ ধাৰা বাতিলৰ বিৰুদ্ধে প্ৰস্তাব ল’ব বুলিও ঘোষণা কৰিছে। PDP-এ একে ধৰণৰ নিৰ্বাচনী ইছ্যু লৈ জনতাৰ কাষ চাপিব। ইতিমধ্যে ফাৰুক আব্দুলাৰ নেচনেল কনফাৰেন্সে বিভিন্ন ৰাজনৈতিক দলৰ নেতাক যোগ কৰাই দলীয় শক্তি বৃদ্ধিৰ চেষ্টা চলাইছে। ইফালে বিজেপিয়ে জম্মু–কাশ্মীৰত ক্ষমতা দখলৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে। ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত হৈছে বৈঠক।

ওমৰ আব্দুলাৰ ৩৭০ ধাৰা সন্দৰ্ভত বিজেপি নেতাৰ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জনতাক আভূৱা ভাৰিছে। সংসদ আৰু উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্ত কোনোও সলনি কৰিব নোৱাৰে। মুঠতে জম্ম–কাশ্মীৰৰ নিৰ্বাচনত ৩৭০ এক ইছ্যু হোৱাতো খাটাং হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...