মাৰ্কিন কংগ্ৰেছৰ অনুমোদন অবিহনে ইৰাণৰ তিনিটা পৰমাণু ঘাটিত আক্ৰমণৰ নিৰ্দেশ দি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ আইন ভংগ কৰিছে বুলি বিৰোধী ডেম’ক্ৰেটিক পাৰ্টী সৰৱ হৈছে। একেই অভিযোগ উঠিছে ট্ৰাম্পৰ নিজৰ দল ৰিপাব্লিকান পাৰ্টীৰ ভিতৰতো!
ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ আইনসভাৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছে সাংবিধানিক বিধি লংঘনৰ এটা প্ৰস্তাৱো আনিছে। যদিও পেণ্টাগনৰ তথ্য অনুসৰি, এদশক আগতে মাৰ্কিন ৰাষ্ট্ৰপতি থাকোঁতে ডেম’ক্ৰেট নেতা বাৰাক ওবামাই একেই কাম কৰিছিল। ২০১৬ চনত সন্ত্ৰাস দমনৰ যুক্তিৰে পাকিস্তান, আফগানিস্তান, ইৰাক, লিবিয়া, ছোমালিয়া, চিৰিয়া আৰু ইয়েমেনত কংগ্ৰেছৰ অনুমোদন অবিহনে ২৬,১৭১টা বোমা আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱা হৈছিল।
মাৰ্কিন বিমান বাহিনী, ‘কাউন্সিল ফৰ ফৰেন ৰিলেশ্বনছ’, ‘লং ৱাৰ জাৰ্নেল’ আৰু ‘নিউ আমেৰিকা ফাউণ্ডেশ্যন’ৰ তথ্য পৰীক্ষা কৰি সংবাদ মাধ্যম ‘স্নুপছ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে, ২০০১ চনত অনুমোদিত সন্ত্ৰাস দমনৰ বিধি ‘অথৰাইজেশ্যন ফৰ ইউজ অৱ মিলিটাৰী ফ’ৰ্ছ’ (এইউএমএফ)ক হাথিয়াৰ কৰিয়েই ওবামাই এছিয়া আৰু আফ্ৰিকাৰ সাতখন দেশত যুদ্ধবিমান আৰু ড্ৰ’ন আক্ৰমণৰ নিৰ্দেশ দিছিল। ফলত তেওঁৰ পদক্ষেপক ‘বেআইনী’ বুলি চিহ্নিত কৰা সম্ভৱ হোৱা নাছিল।
এইউএমএফ বিধি কি আছিল? ৯/১১ সন্ত্ৰাসৰ পিছত আল কায়দাৰ লগতে বিভিন্ন সন্ত্ৰাসবাদী গোষ্ঠীৰ বিৰুদ্ধে দ্ৰুত প্ৰত্যাঘাতৰ বাবে তৎকালীন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে কংগ্ৰেছৰ দুই কক্ষত এই বিধি অনুমোদন কৰিছিল। এই বিধিৰ দ্বাৰা মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কংগ্ৰেছৰ অনুমোদন অবিহনে ওছামা বিন লাদেনৰ আল কায়দা বা তাৰ সহযোগী তালিবানৰ দৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সামৰিক পদক্ষেপৰ নিৰ্দেশ দিব পাৰিছিল। সাতখন দেশত ২৬ হাজাৰ বোমাবৰ্ষণৰ ক্ষেত্ৰত এই বিধিহে আছিল ওবামাৰ হাথিয়াৰ।
ট্ৰাম্প কিয় ‘কাঠগড়াত’?
শ্বিয়া ৰাষ্ট্ৰ ইৰাণ সদায় আল কায়দা, আই এছৰ দৰে ছুন্নী সন্ত্ৰাসবাদী গোষ্ঠীৰ বিৰোধী। তাত এই গোষ্ঠীৰ সক্ৰিয়তাৰ কোনো অভিযোগ নাই। সেয়েহে, কংগ্ৰেছক ‘অন্ধকাৰত ৰাখি’ বিগত ৰবিবাৰে ইৰাণৰ ফ’ৰড’, নাতানজ, ইছফাহান পৰমাণু কেন্দ্ৰত ৩৬টা বাংকাৰ ব্লাষ্টাৰ ছিৰিজৰ জিবিইউ-৫৭ বোমা আৰু টোমাহক ক্ৰুজ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পক্ষত ট্ৰাম্পে উপযুক্ত যুক্তি দিব পৰা নাই। যদিও ‘অপাৰেশ্যন মিডনাইট হেমাৰ’ৰ পিছত ট্ৰাম্পে তেওঁৰ বক্তৃতাত এইউএমএফ বিধিৰ কথা উল্লেখ কৰিছিল।
ডেম’ক্ৰেটসকলৰ লগতে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ প্ৰভাৱশালী ৰিপাব্লিকান সদস্য টমাছ মেছিয়ে ইৰাণত আক্ৰমণৰ পিছত x পোষ্টত লিখিছিল, “এই আক্ৰমণ আমেৰিকাৰ সংবিধান অনুসৰি বৈধ নহয়।” একেই কথা কৈছে ট্ৰাম্পৰ দলৰ আন কেইজনমান ছিনেটৰ আৰু হাউছৰ সদস্যই। তেওঁলোকৰ যুক্তি, সাংবিধানিক বিধি অনুসৰি আমেৰিকা আক্ৰান্ত নহ’লে কোনো দেশত আক্ৰমণ চলাবলৈ কংগ্ৰেছৰ অনুমোদন অপৰিহাৰ্য। আক্ৰান্ত হোৱাৰ আগতে ইৰাণে পশ্চিম এছিয়াৰ কোনো মাৰ্কিন সেনাঘাটি বা আমেৰিকাৰ ভূ-খণ্ডত আক্ৰমণ চলোৱা নাছিল।
ইৰাণ সংকটৰ বিষয়ে ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ স্পীকাৰ মাইক জনছনে ট্ৰাম্পৰ পক্ষ লৈছে। তেওঁ কৈছে, “অতীততো আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে জৰুৰী পৰিস্থিতিত এনে পদক্ষেপ লৈছে।” কিন্তু কংগ্ৰেছৰ অধিৱেশনত এই যুক্তি গ্ৰহণ কৰা হ’বনে?
ইতিহাসে কয় যে, জনছনৰ যুক্তিত কোনো ভুল নাই। ১৯৫০ চনত কংগ্ৰেছৰ অনুমোদন অবিহনে কোৰিয়াৰ যুদ্ধত ৱাশ্বিংটনে সেনা পঠিয়াইছিল। সেই সময়তো আমেৰিকাৰ ওপৰত কোনো আক্ৰমণ হোৱা নাছিল। তৎকালীন মাৰ্কিন ৰাষ্ট্ৰপতিৰ যুক্তি আছিল, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কোৰিয়াক ৰক্ষাৰ বাবে তেওঁ সেনা পঠিয়াইছিল। আশীৰ দশকত ৰ’নাল্ড ৰেগনে লিবিয়া, গ্ৰেনাডা আৰু লেবাননত কংগ্ৰেছৰ অনুমোদন অবিহনে সামৰিক বাহিনী পঠিয়াইছিল। তেওঁৰ উত্তৰসূৰী ৰাষ্ট্ৰপতি জৰ্জ বুশে পানামাৰ সেনাশাসক মেনুৱেল নৰিগাক উৎখাত কৰিবলৈ কংগ্ৰেছক একো নজনোৱাকৈ একপক্ষীয়ভাৱে সামৰিক অভিযানৰ নিৰ্দেশ দিছিল।
