কিয় চেলছিক বিক্ৰী কৰিব ওলাইছে ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰামোভিছে?

২০০৩ চনত ইংলিছ ফুটবল ক্লাব চেলছিক ক্ৰয় কৰিছিল ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ অন্যতম সংগী ৰোমান আব্ৰামোভিছে । কিন্তু ১৯ বছৰৰ পিছত চেলিছিক বিক্ৰী কৰাৰ চিন্তা চৰ্চা আব্ৰামোভিচৰ। ইয়াৰ একমাত্ৰ কাৰণ যুদ্ধোন্মাদ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ। ‘এটা কঠিন আৰু আৱেগিক সিদ্ধান্ত লবলৈ আগবাঢ়িছো’ । এই মন্তব্য কৰিছে চেলছিৰ স্বত্বাধিকাৰীজনে। ধনৱান ব্যক্তিজনৰ এই সিদ্ধান্তৰ আঁৰত আছে মহানুভৱতা। ক্লাবটো বিক্ৰী কৰা ধনেৰে ইউক্ৰেইনক সহায় কৰিব আব্ৰামোভিছে।

ইউক্ৰেইনৰ আঘাতপ্ৰাপ্ত লোকক সহায় কৰাৰ লক্ষ্য আব্ৰামোভিছৰ। প্ৰায় ৩০ হাজাৰ ৩৯১ কোটি টকাত বিক্ৰী কৰিব চেলছি। এই টকাৰে এটা ন্যাস গঠন কৰি ইউক্ৰেইনক আহতক কৰিব সহায়। শীঘ্ৰে ইয়াৰ কাৰ্যকৰী কৰণ কৰা হব বুলি জনায় ধনাঢ্য ব্যক্তিজনে। ফবৰ্চৰ মতে প্ৰায় ১ লাখ ৬ কোটি টকাৰ সম্পত্তিৰ গৰাকী উদ্যোগ পতি আব্ৰামোভিছ।

আব্ৰামোভিছ পুটিনৰ অন্যতম সহযোগী বুলি সময়ে সময়ে চৰ্চা হৈ থাকে কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে দুয়োৰে মাজত সংঘাট আনিছে বুলি চৰ্চিত হৈছে। পুটিনৰ আগ্ৰাসী স্থিতিৰ সমৰ্থক নহয় উদ্যোগপতিজন, বৰঞ্চ দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ আগ্ৰহী আব্ৰামোভিছ। ২০০৩ চনত ডেৰ হাজাৰ কোটি টকাত ক্ৰয় কৰিছিল চেলছি।

বিগত ১৯ বছৰত ৫ বাৰ ইংলিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন চেলছি। ৫ বাৰ এফ এ কাপ,দুবাৰ চেম্পিয়নছ লীগৰো খিতাপ দখল ক্লাবটোৰ। শক্তিশালী ক্লাবটোৰ পৰৱৰ্তীৰ মালিকিস্বত্ব কাৰ হাতলৈ যায় সেয়া এতিয়া অনুৰাগীৰ বাবে কৌতূহলৰ বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...