৪ আৰু ৫ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া; পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত কিয় অংশ নলয় পুত্ৰ মোজতাবাই?

শুকুৰবাৰে ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, দেশখনৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো তেওঁ নিহত হোৱা স্থানলৈ লৈ যোৱা হৈছে। ইছলামিক ৰিপাব্লিক অব ইৰান ব্ৰডকাষ্টিং (IRIB)-ৰ মতে, “এক অঘোষিত কাৰ্যসূচীৰ অধীনত, শ্বহীদ নেতা আয়াতুল্লাহ খামেনেইৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো তেওঁ নিহত হোৱা স্থানলৈ অনা হৈছে।”

৪ আৰু ৫ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া

ইছলামিক ৰিভলুশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC)-ৰ মতে, ৰাজধানী চহৰ তেহৰানত ৪ আৰু ৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া কেইবাদিনজোৰা এই ৰাজহুৱা বিদায় সমাৰোহত অভিলেখসংখ্যক প্ৰায় ২ কোটি লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত কিয় অংশ নলয় পুত্ৰ মোজতাবাই?

আনহাতে, সুৰক্ষাজনিত কাৰণত ইৰানৰ বৰ্তমানৰ সৰ্বোচ্চ নেতা মোজতবা খামেনেইয়ে তেওঁৰ পিতৃ তথা প্ৰাক্তন সৰ্বোচ্চ নেতা আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে। ভাৰতত থকা বৰ্তমানৰ ইৰানী নেতাগৰাকীৰ প্ৰতিনিধি আয়াতুল্লাহ হাকিব ইলাহীয়ে এই কথা সদৰী কৰিছে। ইলাহীয়ে কয় যে ইজৰাইলৰ ভাবুকি আৰু চোৰাংচোৱাৰ নিৰীক্ষণৰ বিপদাশংকা থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে, যাৰ বাবে ৰাজহুৱা অনুষ্ঠানত মোজতবা খামেনেইৰ উপস্থিতি বিপজ্জনক হ’ব পাৰে।

উল্লেখ্য যে, যোৱা ২৭ জুনত ইৰানৰ চৰকাৰী সংবাদ মাধ্যম ‘প্ৰেছ টিভি’-য়ে প্ৰকাশ কৰিছিল যে চৰকাৰে নেতাগৰাকীৰ দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা অন্তিম বিদায় আৰু অন্ত্যেষ্টিক্ৰিয়াৰ সবিশেষ পৰিকল্পনা ঘোষণা কৰিছে। বিষয়াসকলে আশা কৰিছে যে ই দেশৰ ইতিহাসত আটাইতকৈ ডাঙৰ জনসমাগমৰ অন্যতম হ’ব।

এক দূৰদৰ্শন সাক্ষাৎকাৰত ইৰানৰ ইছলামিক ৰিভলুশ্যন গাৰ্ড কৰ্পছ (IRGC)-ৰ তেহৰান কমাণ্ডৰ কমাণ্ডাৰ তথা অন্ত্যেষ্টিক্ৰিয়া ব্যৱস্থাপনাৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল হাছান হাছানজাদেই জানিবলৈ দিয়ে যে ৪ আৰু ৫ জুলাইত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব, য’ত ৰাজহুৱা শেষ শ্ৰদ্ধাঞ্জলি, অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ (জানাজা) আৰু অন্তিম যাত্ৰা অন্তৰ্ভুক্ত থাকিব।

৪ জুলাইৰ পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’ব শেষ শ্ৰদ্ধাঞ্জলি

‘প্ৰেছ টিভি’-য়ে হাছানজাদেক উদ্ধৃতি দি জনোৱা মতে, ৪ জুলাইৰ পুৱা ৬ বজাৰ পৰা (স্থানীয় সময় অনুসৰি) তেহৰানৰ ‘ইমাম খামেনেই গ্ৰেণ্ড প্ৰেয়াৰ গ্ৰাউণ্ডছ’ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ’ব আৰু সেই সময়ৰ পৰাই শোকাকুল ৰাইজৰ বাবে দ্বাৰ মুকলি কৰা হ’ব। নিৰ্ধাৰিত সময়ৰ পূৰ্বে কোনো লোককে সোমাবলৈ দিয়া নহ’ব আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিশা ৮ বজালৈকে চলিব।

আনহাতে, ৫ জুলাইৰ পুৱা অন্ত্যেষ্টিক্ৰিয়াৰ বিশেষ নামাজ (জানাজা) অনুষ্ঠিত হ’ব। হাছানজাদেই কয় যে তেহৰানত দুটা মূল কাৰ্যসূচী ৰখা হৈছে— প্ৰথমটো হ’ব ইমাম খামেনেই গ্ৰেণ্ড প্ৰেয়াৰ গ্ৰাউণ্ডছত ৰাজহুৱা বিদায় আৰু নামাজ, আৰু দ্বিতীয়টো হ’ব এক সুকীয়া স্থানত অন্তিম সমদল।

IRGC-ৰ কমাণ্ডাৰে কয় যে কাৰিকৰী পৰ্যালোচনাৰ পিছত প্ৰশাসনে কোনো এটা নিৰ্দিষ্ট পথেৰে অন্তিম যাত্ৰা উলিয়াই নিয়াৰ সিদ্ধান্ত বাতিল কৰিছে, কাৰণ তেহৰানৰ কোনো এটা পথেই প্ৰত্যাশিত বিশাল জনতাৰ বাবে সুৰক্ষিত নহয়। ইয়াৰ পৰিৱৰ্তে, ৰাজধানীৰ এক বহল কৰিডৰেৰে এই সমদল আগবাঢ়িব আৰু জনসাধাৰণৰ যাতায়ত সহজ কৰিবলৈ অনুষ্ঠান চলি থকা এলেকাত যান-বাহন চলাচল নিষিদ্ধ কৰা হ’ব।

তেওঁ লগতে কয় যে প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহ জনসাধাৰণৰ দৰ্শনৰ বাবে ৰখাৰ স্থান চূড়ান্ত কৰা হৈছে আৰু নেতাগৰাকীৰ পৰিয়ালৰ বাবেও এটা সুকীয়া আসনৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰাৰ্থনা ক্ষেত্ৰখনৰ পৰা যাতে সকলোৱে স্পষ্টকৈ দেখা পায়, তাৰ বাবে মঞ্চখন কিছু ওখ স্থানত নিৰ্মাণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...