অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডলৈ এক চৰকাৰী ভ্ৰমণসূচী হাতত লৈছে। এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ (FTA) জৰিয়তে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক অধিক দৃঢ় কৰাৰ লক্ষ্যৰে এই ভ্ৰমণসূচী তৈয়াৰ কৰা হৈছে, যি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে এই কথা ঘোষণা কৰি কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু বাণিজ্য, বিনিয়োগ তথা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ মুকলি কৰিব।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ (পূৰ্বৰ টুইটাৰ) যোগে এই ঘোষণা শ্বেয়াৰ কৰি ক্ৰিষ্টোফাৰ লাক্সনে গোলকীয় অৰ্থনীতিত ভাৰতৰ বৰ্ধিত গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয়:
“মই অত্যন্ত আনন্দৰে ঘোষণা কৰিছোঁ যে অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডলৈ তেওঁৰ প্ৰথমটো চৰকাৰী ভ্ৰমণ কৰিব। ভাৰত বিশ্বৰ অন্যতম বৃহৎ আৰু আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি, যি নিউজিলেণ্ডৰ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এপ্ৰিল মাহত স্বাক্ষৰিত নিউজিলেণ্ড-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে আমি আমাৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ গৈছোঁ, যাৰ ফলত নিউজিলেণ্ডত অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব, ৰপ্তানি বৃদ্ধি পাব আৰু অৰ্থনৈতিক বিকাশ খৰতকীয়া হ’ব। ই ১৪০ কোটি জনসংখ্যাৰ এক বৃহৎ বজাৰত আমাৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি বৃদ্ধি কৰাৰ নতুন সুযোগ সৃষ্টি কৰিব, যাৰ ফলত কিৱি (নিউজিলেণ্ডৰ নাগৰিক) সমাজৰ উপাৰ্জন বৃদ্ধি পাব, নতুন চাকৰি সৃষ্টি হ’ব আৰু মজুৰি বৃদ্ধি পাব।”
উল্লেখ্য যে, ইয়াৰ কেইমাহমান পূৰ্বে লাক্সনে নিজেই ভাৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু দুয়োখন দেশৰ সহযোগিতা বৃদ্ধিৰ বাবে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।
দ্বিপাক্ষিক সম্পৰ্কৰ নতুন সংজ্ঞা লিখিব মুক্ত বাণিজ্য চুক্তিয়ে
প্ৰস্তাৱিত ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক (FTA) দ্বিপাক্ষিক অংশীদাৰিত্বৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে গণ্য কৰা হৈছে। এই বছৰৰ এপ্ৰিল মাহতে দুয়োখন দেশে এই চুক্তিক আগুৱাই নিয়াৰ সিদ্ধান্ত ঘোষণা কৰি ইয়াক অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছিল। এই চুক্তিয়ে বজাৰত প্ৰৱেশাধিকাৰ, কৃষি উৎপাদনশীলতা, বিনিয়োগ, প্ৰতিভাৰ গতিশীলতা (talent mobility), পৰ্যটন, ক্ৰীড়া আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক আদান-প্ৰদানসহ বিভিন্ন ক্ষেত্ৰ সামৰি ল’ব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ উৎপাদক, কৃষক, MSME, মহিলা উদ্যমী, ছাত্ৰ-ছাত্ৰী আৰু দক্ষ পেছাদাৰীসকল নতুন ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰি উপকৃত হ’ব।
দুগুণ হোৱাৰ সম্ভাৱনা দ্বিপাক্ষিক বাণিজ্যৰ
যোৱা ৬ মে’ত নিউজিলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী টড মেকলে’ই আত্মবিশ্বাস প্ৰকাশ কৰিছিল যে এক উচ্চমানৰ মুক্ত বাণিজ্য চুক্তিৰ (FTA) আলোচনা আগবাঢ়ি যোৱাৰ লগে লগে অনাগত কেইবছৰমানৰ ভিতৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিপাক্ষিক বাণিজ্য দুগুণ হ’ব পাৰে।
সংবাদ সংস্থা ANI-ৰ সৈতে হোৱা বাৰ্তালাপত মেকলে’ই কয় যে এই প্ৰস্তাৱিত চুক্তিয়ে ভাৰতীয় বজাৰত নিউজিলেণ্ডৰ সামগ্ৰীৰ প্ৰৱেশ সহজ কৰি তোলাৰ লগতে উন্নত মানৰ সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত নিউজিলেণ্ডৰ গ্ৰাহকসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও, তেওঁ জানিবলৈ দিয়ে যে নিউজিলেণ্ড চৰকাৰে অহা ১৫ বছৰত ভাৰতত নিজৰ বিনিয়োগ ২০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
এই ভ্ৰমণ কিয় গুৰুত্বপূৰ্ণ?
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে মুক্ত বাণিজ্য চুক্তিৰ আলোচনাক এক নতুন গতি প্ৰদান কৰাৰ লগতে দুয়োখন দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই উচ্চস্তৰীয় বৈঠকত বিনিয়োগ বৃদ্ধি, বাণিজ্য সম্প্ৰসাৰণ, দক্ষ পেছাদাৰীসকলৰ যাতায়ত ব্যৱস্থাৰ উন্নয়ন আৰু পাৰস্পৰিক স্বাৰ্থজড়িত খণ্ডসমূহৰ সহযোগিতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। ভাৰত বিশ্বৰ অন্যতম দ্ৰুতবেগী প্ৰধান অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত, নিউজিলেণ্ডে এই অংশীদাৰিত্বক দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ আৰু বিশ্বৰ অন্যতম বৃহৎ গ্ৰাহক বজাৰত প্ৰৱেশ কৰাৰ এক সুবৰ্ণ সুযোগ হিচাপে বিবেচনা কৰিছে।
