টিভি চাই থাকোতে এই বিশেষ ক’ড কিয় আহে জানেনে?

টিভি চাই থাকোতে প্ৰায়েই পৰ্দাত এটা সংখ্যা ভাহি আহে। বহুতৰ মনত প্ৰশ্নৰ উদয় হয়, প্ৰকৃততে সেইটো কিহৰ সংখ্যা? শিশুৰ পৰা বয়োজ্যেষ্ঠজনৰ মনলৈ প্ৰশ্ন সেইটো কিহৰ সংখ্যা। কিন্তু সেই সংখ্যাটো কিয় আহে। যিটো সংখ্যা আপোনাৰ টিভিৰ পৰ্দাত দেখা পোৱা যায়, সেইটো অন্য বেলেগৰ টিভিত একে সংখ্যা নাহে। প্ৰতিটো দূৰদৰ্শন ছেটৰ পৰ্দাত বেলেগ বেলেগ সংখ্যা আহে।

চেট আপ বক্সত যিকোনো কোম্পানীৰে নহওক কিয় টিভিৰ পৰ্দাত সেইটো নম্বৰ আহিবই। এই চিৰিয়েল নম্বৰটোক VC নম্বৰ বা ভিউয়িং ক’ড বুলি কোৱা হয়। প্ৰতিটো ছেট-আপ বাকচত এটা ইউনিক আইডি ক’ড থাকে। যদি কোনোবাই সেই ছেট-আপ বাকচৰ পৰা ধাৰাবাহিক বা খেল ৰেকৰ্ড কৰে, তেতিয়া তাত ভিচি নম্বৰও থাকিব। য’তেই সেই ৰেকৰ্ডিং আপলোড কৰা হয়, এই ভিচি নম্বৰটোও ওলাব। এই নম্বৰটোৰ যোগেদি সেই ব্যক্তিজনক ধৰিব পৰা যাব। কিয়নো যাৰ নামত সেইটো ছেট-আপ বক্স আছে, ব্ৰডকাষ্টাৰেও সেই লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে।


এই সংখ্যাবোৰ আমাৰ টিভিৰ পৰ্দাত কিয় দেখা যায়? ইয়াৰ মূল উদ্দেশ্য হৈছে পাইৰেছি প্ৰতিৰোধ কৰা। বহুলোকে ইউ টিউবত চিৰিয়েল অথবা খেলৰ অংশ ডাউনলোড কৰি সামাজিক মাধ্যমত আপলোড কৰি দিয়ে। পাইৰেচি ৰোধ কৰিবলৈ দৰাচলতে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...