টিভি চাই থাকোতে এই বিশেষ ক’ড কিয় আহে জানেনে?

টিভি চাই থাকোতে প্ৰায়েই পৰ্দাত এটা সংখ্যা ভাহি আহে। বহুতৰ মনত প্ৰশ্নৰ উদয় হয়, প্ৰকৃততে সেইটো কিহৰ সংখ্যা? শিশুৰ পৰা বয়োজ্যেষ্ঠজনৰ মনলৈ প্ৰশ্ন সেইটো কিহৰ সংখ্যা। কিন্তু সেই সংখ্যাটো কিয় আহে। যিটো সংখ্যা আপোনাৰ টিভিৰ পৰ্দাত দেখা পোৱা যায়, সেইটো অন্য বেলেগৰ টিভিত একে সংখ্যা নাহে। প্ৰতিটো দূৰদৰ্শন ছেটৰ পৰ্দাত বেলেগ বেলেগ সংখ্যা আহে।

চেট আপ বক্সত যিকোনো কোম্পানীৰে নহওক কিয় টিভিৰ পৰ্দাত সেইটো নম্বৰ আহিবই। এই চিৰিয়েল নম্বৰটোক VC নম্বৰ বা ভিউয়িং ক’ড বুলি কোৱা হয়। প্ৰতিটো ছেট-আপ বাকচত এটা ইউনিক আইডি ক’ড থাকে। যদি কোনোবাই সেই ছেট-আপ বাকচৰ পৰা ধাৰাবাহিক বা খেল ৰেকৰ্ড কৰে, তেতিয়া তাত ভিচি নম্বৰও থাকিব। য’তেই সেই ৰেকৰ্ডিং আপলোড কৰা হয়, এই ভিচি নম্বৰটোও ওলাব। এই নম্বৰটোৰ যোগেদি সেই ব্যক্তিজনক ধৰিব পৰা যাব। কিয়নো যাৰ নামত সেইটো ছেট-আপ বক্স আছে, ব্ৰডকাষ্টাৰেও সেই লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে।


এই সংখ্যাবোৰ আমাৰ টিভিৰ পৰ্দাত কিয় দেখা যায়? ইয়াৰ মূল উদ্দেশ্য হৈছে পাইৰেছি প্ৰতিৰোধ কৰা। বহুলোকে ইউ টিউবত চিৰিয়েল অথবা খেলৰ অংশ ডাউনলোড কৰি সামাজিক মাধ্যমত আপলোড কৰি দিয়ে। পাইৰেচি ৰোধ কৰিবলৈ দৰাচলতে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...