নিজৰ স্বাৰ্থত দেশৰ স্বাৰ্থ জলাঞ্জলি দিলে নেকি নৰেন্দ্ৰ মোদীয়ে

✒️অচিন্ত্য শৰ্মা

নিজৰ ব্যক্তিগত ভাবমূৰ্তিৰ আৰু পুজিপতি বন্ধুসকলৰ বৃহৎ বাণিজ্যিক স্বাৰ্থৰ বাবেই নৰেন্দ্ৰ মোদীয়ে আঠু লৈছে নেকি মুছলিম বিশ্বৰ সন্মুখত। নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰ্তকিত নিলম্বণৰ পিছত শেহতীয়াভাবে এনে ধৰণৰ প্ৰশ্নৰেই সৃষ্টি হৈছে দেশৰ হিন্দুত্ববাদী তথা ৰাষ্ট্ৰবাদী শিবিৰত। সামগ্ৰীকভাবে বিশ্বৰ মুছলিম ৰাষ্ট্ৰসমূহৰ সংগঠন, অৰ্গেনাইজেশ্যন অব ইছলামিক কো-অ’পাৰেচন, চমুকৈ অ’ আই চি আৰু বিশেষভাবে আৰব বিশ্বৰ হেঁচা আৰু আক্ৰমণাত্মক সমালোচনাৰ বাবেই নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ নিলম্বিত কৰাৰ পিছত বিগত কেইবাদিনো ধৰি উত্তপ্ত হৈ আছে ভাৰতৰ সমাজ জীৱন। কিয় নৰেন্দ্ৰ মোদীৰ নিচিনা ৫৬ ইঞ্চিৰ বুকু থকা এগৰাকী ব্যক্তিয়ে মুছলিম দুনিয়া বা আৰব দুনিয়াৰ হেঁচাৰ ওপৰত নতি স্বীকাৰ কৰিলে, তাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। সমগ্ৰ বিষয়টোকলৈ এইবাৰ চৰ্চালৈ আহিছে আৰব বিশ্বৰ লগত মোদীৰ ব্যক্তিগত সম্পৰ্ক আৰু সেই দেশসমূহৰ লগত মোদীৰ উদ্যোগপতি বন্ধুসকলৰ বাণিজ্যিক সম্পৰ্কৰ কথাও।

উল্লেখ্য যে, ছৌদি আৰবৰ ৰাজপৰিয়ালৰ লগত আছে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যক্তিগত সম্পৰ্ক। এই সম্পৰ্কৰ জোৰতেই তেওঁ সেইদেশৰ সৰ্বোচ্চ সন্মানো লাভ কৰি থৈছে। আনহাতে ছৌদি আৰবে আগবাঢ়িছে ৫ কোটি টকা বিনিয়োগ সাপেক্ষে মহাৰাষ্ট্ৰৰ উপকুলীয় অঞ্চলত বিশাল ৱেষ্ট কোষ্ট ৰিফাইনেৰী স্থাপন কৰিবলৈ, যিটো প্ৰকল্পত হয়তো থাকিব আম্বানী পৰিয়াল মালিকানাধীন ৰিলায়েঞ্চ প্ৰট্ৰ’কেমিকেলছৰো গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব। একেদৰে ওমানৰ ৰাজপৰিয়ালৰো মোদীৰ অন্তৰংগ বন্ধু। মোদীৰ নিজৰ ওমান ভ্ৰমণৰ সময়ত যেতিয়া সেই দেশৰ প্ৰবাসী ভাৰতীয়সকলক দেশখনৰ নেচনেল ষ্টেডিয়ামত সম্বোধন কৰিছিল, তেতিয়া তাত থকা, অকল ৰাজপৰিয়ালৰ বাবে সংৰক্ষিত ৰয়েল বক্স খুলি দিয়া হৈছিল মোদীৰ বাবে। আনহাতে কাটাৰৰ স্থিতি সদায় ভাৰতৰ স্বাৰ্থৰ পৰিপন্থী। হিন্দুসকলৰ উপাস্য দেবী সৰস্বতীৰ নগ্ন ছবি অংকণ কৰা বিতৰ্কিত চিত্ৰকৰ এম এফ হুছেইনক এটা সময়ত কাটাৰেই আশ্ৰয় দিছিল। তদুপৰি অনবৰত ভাৰত বিৰোধী প্ৰচাৰ অভিযান চলাই থকা টিভিচেনেল আল বাজিৰাৰো মুখ্যস্থান এই ইছলামিক মৌলবাদী ৰাষ্ট্ৰ কাটাৰেই। অথচ সেইখন দেশতেই মোদীৰ বন্ধু আদানীৰ বৃহৎ বিনিযোগ থকাৰ কথা সামাজিক মাধ্যমত চৰ্চিত হৈছে। একেদৰে ভাৰতে ইৰাণৰ কাৰ্যৰূপায়িত কৰি থকা চাবাহাৰ বন্দৰ প্ৰকল্পৰ লগতো নিশ্চিতভাবে জড়িত হৈ পৰিছে বিজেপিক বৰঙনি দিয়া বহু ভাৰতীয় প্ৰতিষ্ঠান। আনহাতে ইউ এইৰ ৰাজকুমাৰৰ লগত মোদীৰ সু-সম্পৰ্কৰ কথাও সৰ্বজনবিদিত। সকলো মিলাই এতিয়া ছৌদি আৰব, কাটাৰ বা ইৰাণে ধমকি দিলেও মোদীয়ে মনে মনে থাকিবলগা হৈছে। দেশৰ সন্মানৰ স্বাৰ্থত নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু বন্ধুসকলৰ বাণিজ্যিক স্বাৰ্থ জলাঞ্জলি দিয়াৰ নৈতিক সাহস তেঁও এইপৰ্যন্ত গোটাব পৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...