শেষ হৈ গ’ল প্ৰশাসনিক বিষয়া হৈ কেৰিয়াৰ গঢ়িব খোজা ৩ ছাত্ৰ-ছাত্ৰীৰ জীৱন

দিল্লীৰ IAS কোচিং চেণ্টাৰত শোকাৱহ ঘটনাই জোকাৰি গৈছে দেশ। তোলপাৰ লাগিছে ৰাজনীতি। দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰত শনিবাৰে সন্ধিয়া সংঘটিত হ’ল শোকাৱহ দুৰ্ঘটনাটো। সন্ধিয়া প্ৰায় ৭.১৫ বজাত হঠাৎ এটা ব্যক্তিগত খণ্ডৰ IAS কোচিং চেণ্টাৰত ঘটে এই অঘটন। বেছমেণ্টত থকা IAS একাডেমীখনৰ লাইব্ৰেৰী প্লাৱিত হয়।

২–৩ মিনিটৰ ভিতৰতে অট্টালিকাৰ বেছমেণ্ট ভৰি পৰে পানীৰে। সেই সময়ত বেছমেণ্টত থকা লাইব্ৰেৰীত আছিল কেইবাগৰাকীও শিক্ষাৰ্থী। ২ ছাত্ৰী আৰু এজন ছাত্ৰ আৱদ্ধ হৈ পৰে পানীৰ মাজত।

ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে জীৱন বচোৱাৰ কোনো সুযোগেই নাপালে। পানীৰ মাজত আবদ্ধ হৈ প্ৰাণ হেৰুৱালে ৩ ছাত্ৰ-ছাত্ৰীয়ে। ঘটনাৰ কিছুসময় পিছতে ২ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। মাজনিশালৈ উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

শনিবাৰে প্ৰৱল বৰষুণৰ বাবে লাইব্ৰেৰীতে আছিল ছাত্ৰ-ছাত্ৰীকেইজন। কিন্তু কাষৰে নলা ভাঙি পানী সোমাই আহে অট্টালিকাটোৰ বেছমেণ্টলৈ। শেষ হৈ গ’ল প্ৰশাসনিক বিষয়া হৈ কেৰিয়াৰ গঢ়িব খোজা ৩ ছাত্ৰ-ছাত্ৰীৰ জীৱন। মৃত্যু হোৱা ছাত্ৰজনৰ নাম নবীন ডালভিন। কেৰেলাৰ নবীনে JNUত ভৰ্তি হোৱাৰ লগতে চলাই আছিল UPSCৰ প্ৰস্তুতি। মৃত্যু হোৱা এগৰাকী ছাত্ৰী দুগৰাকীৰ নাম শ্ৰেয়া যাদৱ আৰু তানিয়া ছোমি। শ্ৰেয়া যাদৱৰ ঘৰ উত্তৰ প্ৰদেশত আৰু তানিয়া ছোমিৰ ঘৰ তেলেংগানাত। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ কোচিং চেণ্টাৰটো। প্ৰতিবাদী কাৰ্যসূচীত গ্ৰহণ কৰিছেছাত্ৰ-ছাত্ৰীয়ে। গ্ৰেপ্তাৰ কৰা হৈছে কোচিং চেণ্টাৰৰ মালিক আৰু সমন্বয়কক।

এই ঘটনাক লৈ গৰম হৈছে দিল্লীৰ ৰাজনীতিও। দিল্লী আপ চৰকাৰৰ উদাসীনতাৰ বাবেই এই ঘটনা ঘটা বুলি অভিযোগ কৰিছে বিজেপিয়ে। ৩ ছাত্ৰ-ছাত্ৰীক আচলতে হত্যা কৰা হৈছে বুলি অভিযোগ কৰিছে ৰাজ্যসভাৰ সাংসদ স্বাতী মাহেৱালে। ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান আপৰ। ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে আপ চৰকাৰে। এই ঘটনাই উদঙাই দিলে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নিৰাপত্তাহীনতাৰ বিষয়টো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...