বলীউডৰ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কাৰ পৰিয়াল?

প্ৰজন্মৰ পিছত প্ৰজন্ম বলীউডত ৰাজত্ব কৰি আহিছে খান আৰু কাপুৰ পৰিয়ালে। অধিকাংশ অনুৰাগীৰ ধাৰণা, তেওঁলোকেই ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ধনী পৰিয়াল। কিন্তু অনুৰাগীৰ এই ধাৰণা ভুল। সাধাৰণতে সৰৱ চৰ্চাৰ পৰা দূৰৈত থকা আন এটা পৰিয়ালহে, বলীউডৰ আটাইতকৈ ধনী পৰিয়াল।

খান, বচ্চন আৰু কাপুৰ পৰিয়ালক চেৰ পেলাই শীৰ্ষস্থানত কুমাৰ পৰিয়াল। কুমাৰ পৰিয়াল, অৰ্থাৎ টি-ছিৰিজৰ মালিক। বলীউডলৈ যাৰ আছে অনন্য অৱদান। বলীউডৰ বহুকেইখন জনপ্ৰিয় চিনেমা নিৰ্মাণ কৰিছে কুমাৰ পৰিয়ালৰ T-Seriesএ। অৱশ্যে পৰিয়ালটোৱে ছবিজগততকৈ অন্য ব্যৱসায়ৰ জৰিয়তেহে আহৰণ কৰিছে অধিক ধন। হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট ২০২৪য়ে প্ৰকাশ কৰিছে বলীউডৰ ধনী তাৰকা পৰিয়ালৰ তালিকা।

তালিকাৰ শীৰ্ষত টি-ছিৰিজ গ্ৰুপ অৱ কোম্পানীৰ মালিক ভূষণ কুমাৰৰ পৰিয়াল। সংগীত সাম্ৰাজ্যৰ নেতৃত্বত আছে ভূষণ কুমাৰ। ভূষণ কুমাৰ T-Seriesৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ। ককাক কৃষাণ কুমাৰৰ সৈতে পিতৃ গুলশ্বান কুমাৰে আৰম্ভ কৰিছিল কেছেটৰ ব্যৱসায়। গুলশ্বান কুমাৰে গঢ়ি তোলা ব্যৱসায়িক সাম্ৰাজ্য আগবঢ়াই নিয়ে পুত্ৰ ভূষণ কুমাৰে। এতিয়ালৈকে তেওঁলোকৰ সম্পত্তিৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হোৱা নাই বলীউডৰ প্ৰখ্যাত তাৰকাসকলৰো পৰিয়াল।

কুমাৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তি ১.২ বিলিয়ন ডলাৰৰো অধিক। অৰ্থাৎ ১০ হাজাৰ কোটিৰো অধিক। সম্প্ৰতি বলীউডৰ আটাইতকৈ ধনী পৰিয়াল বুলি চিহ্নিত হৈছে এই পৰিয়ালটো। মাত্ৰ এটা প্ৰজন্ম পূৰ্বে দিল্লীৰ এজন ফল বিক্ৰেতা আছিল ভূষণ কুমাৰ পিতৃ গুলশ্বান কুমাৰ। ৭০ৰ দশকতে পিতৃৰ সৈতে গুলশ্বান কুমাৰে আৰম্ভ কৰিছিল এখন কেছেটৰ দোকান। তাৰ পিছতে ক্ৰমান্বয়ে সলনি হৈছিল তেওঁলোকৰ কৰ্মজীৱনৰ পথ। গুলশ্বান কুমাৰে নিজকৈ আৰম্ভ কৰিছিল ৰেকৰ্ড তথা ছুপাৰ কেছেটৰ কাম। সৰুকৈ আৰম্ভ কৰা কোম্পানীটোৰ নামাকৰণ কৰিছিল টি-ছিৰিজ। সম্প্ৰতি দেশৰ ভিতৰতে জাকত জিলিকা হৈ আছে টি-ছিৰিজ।

বৰ্তমান পৰিয়ালটোৰ আছে অন্যান্য কেইবাটাও কোম্পানী। নয়দাত আছে এখন অভিনয় স্কুল। চলচ্চিত্ৰতো বহু টকা বিনিয়োগ কৰিছে ভূষণ কুমাৰে। বক্স অফিচত সফলতা লাভ কৰিছে T-SERIESৰ কেইবাখনো ছবিয়ে।

আজি দেশজুৰি চৰ্চিত হৈ আছে এখন সৰু কেছেটৰ দোকানেৰে আৰম্ভ কৰা T-SERIES। কেইবাখনো বিদেশী ৰাষ্ট্ৰতো আছে T-SERIESৰ ব্যৱসায়। ধনী পৰিয়ালৰ তালিকাৰ ২য় স্থানত শ্বাহৰুখ খানৰ পৰিয়াল। শ্বাহৰুখৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৭,৩০০ কোটি। ৪,৬০০ কোটিৰে ৩য় স্থানত জুহি চাউলাৰ পৰিয়াল। ৪ৰ্থ স্থানত থকা ঋত্বিক ৰোশনৰ পৰিয়ালৰ আছে ২০০০ কোটিৰ সম্পত্তি। ১৬০০কোটি টকাৰে এই তালিকাৰ ৫ম স্থানত আছে বচ্চন পৰিয়ালৰ। কিন্তু এইসকল জনপ্ৰিয় তাৰকাক চেৰ পেলাই তালিকাৰ শীৰ্ষস্থান দখল কৰা কুমাৰ পৰিয়ালে সম্প্ৰতি দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...