গুৱাহাটী মহানগৰীত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, ১৪ জুলাই, NKTV: গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত ২১৬৯জন। ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ১লাখ ২৪হাজাৰ ৩৮১টা। দিনটোত পজিটিভিটীৰ হাৰ ১.৭৪ শতাংশ। কামৰূপ মহানগৰত ২৫৮জনৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে মঙলবাৰৰ দিনটোত। ২৩জন ৰোগীৰ মৃত্যু। আৰোগ্যৰ হাৰ ৯৫.০৭ শতাংশ। বিগত সময়চোৱাত ৰাজ্যৰ কেবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰীতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে চৰকাৰ। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ স’তে অনুষ্ঠিত এক বৈঠকত এই নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...