২১ জুনৰ পৰা ক’ত, কেনেকৈ ল’ব পাৰিব ভেকচিন?

গুৱাহাটী, ১৯ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’বলগীয়া বৰ্দ্ধিত টীকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলাে জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড° এছ লক্ষ্মণনে বর্ধিত টীকাকৰণ অভিযানৰ সকলাে ব্যৱস্থাপনা সামৰি এক বিস্তৃত প্রেজেন্টেশনাে আগবঢ়ায়। বৈঠকত মুখ্যমন্ত্ৰীয়ে অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যখনত প্রতিদিনে তিনি লাখ লােকক টীকাকৰণ কৰাৰ যি লক্ষ্য ইয়াক সফল কৰাৰ বাবে এই কাৰ্যসূচী অভিযান আকাৰে গ্ৰহণ কৰি সকলাে ধৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। তেওঁ ২১জুনৰ পৰা ৩০জুনলৈ এই লক্ষ্য বাহাল ৰখাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। এই বর্ধিত টীকাকৰণৰ অভিযান তদাৰকৰ বাবে জিলাসমূহৰ অভিভাৱক মন্ত্রী আৰু তেওঁলােকৰ সচিবসকলে আগন্তুক সাত দিন সংশ্লিষ্ট জিলাসমূহত বাহৰ পাতি সমগ্ৰ কাম-কাজৰ তদাৰক কৰা বাবেও নির্দেশ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই।

উল্লেখ্য যে, অহা ২১ জুনৰ পৰা কেন্দ্রীয় চৰকাৰে ১৮ বছৰৰ পৰা সকলাে লােককে বিনামূলীয়া ভেকচিন প্রদান কৰিব। সেয়েহে ২১ জুনৰ পৰা টীকাকৰণৰ ক্ষেত্ৰত কোনাে পৃথক গােট নাথাকিব। ১৮ বছৰৰ ঊর্ধ্বৰ সকলাে লােকে এই টীকা ল’ব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই অভিযান সকলাে প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ দিশত যাৱতীয় সকলাে প্রস্তুতি সম্পন্ন কৰাৰ বাবে নির্দেশ দিয়ে। তেওঁ বৰাক উপত্যকা তথা ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি গুৱাহাটীৰ পৰা দূৰত্বত অৱস্থান কৰা জিলাসমূহলৈ অতি কমেও তিনি দিনৰ বাবে প্রয়ােজন হােৱা টীকাৰ পালি প্ৰেৰণৰ ব্যৱস্থা কৰিবলৈও কয়। মুখ্যমন্ত্ৰীয়ে টীকাকৰণ কেন্দ্ৰসমূহত নিয়ােজিত টীকাকর্মীসকললৈ পৰিবহণ ব্যয়ৰ নামত প্রতিদিনে ১০০ টকালৈ প্ৰদান কৰাৰ উপৰি প্ৰয়ােজনীয় খাদ্য সামগ্রীও যােগান ধৰাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। উল্লেখ্য যে, ৰাজ্যখনত সৰ্বমুঠ ২ হাজাৰটা টীকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা থাকিব। নগৰ অঞ্চলত ২টা খেপত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টীকাকৰণৰ অব্যাহত থাকিব। আনহাতে, গ্রামাঞ্চলত ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈ এই কেন্দ্রসমূহে সেৱা অব্যাহত ৰাখিব। এই সময়খিনিৰ ভিতৰত কেন্দ্ৰত প্ৰৱেশ কৰা সকলাে লােককে টীকাকৰণ কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী, অতিষ্ঠ হৈ দৰ্শকে ভাঙিলে পেণ্ডেল, আচবাব

বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অঘটন। সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ...

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন...

আজি সংসদত দাখিল হ’ব পূৰ্ণাংগ বাজেট

আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব মোদী চৰকাৰৰ...

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ...