বোমাতংক! কি আছিল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোত?

৯ ঘণ্টাৰ অন্তত ৰহস্যভেদ হ’ল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোৰ। ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰিলে বোমা বিশেষজ্ঞৰ দলে। জেচিবিৰ সহায়ত জনশূন্য পথাৰলৈ লৈ যোৱা হৈছিল বেগটো। বেগটোত উদ্ধাৰ হ’ল কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰী।

দুপৰীয়া ১২-৩০মান বজাত সোণাৰিৰ নামৰূপ বাছষ্টেণ্ডৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক’লা বেগটোক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। স্থানীয় লোকে গৰাকী বিহীন ক’লা বেগটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বেগটোত বোমা থকাৰ সন্দেহ কৰিছিল। ইয়াৰ পিছতেই সোণাৰিত বিদ্যুৎ কৰ্তন তথা যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখাত জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে। আনহাতে মেটেল ডিটেক্টৰ তথা স্নিফাৰ ডগৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি বেগটোত বোমা থকাৰ সন্দেহ হোৱাত তিনিচুকীয়াৰ দিনজানস্থিত সেনা শিৱিৰৰ লগত যোগাযোগ কৰাত বোমা বিশেষজ্ঞৰ দল আহি ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত এখন জেচিবিৰ জৰিয়তে জনশূন্য পথাৰলৈ লৈ য়োৱা হয় বেগটো।

মন কৰিবলগীয়া যে, বোমাতংকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণে দুপৰীয়াৰ পৰা নিশা ৯ বজালৈকে বিদ্যুৎ অবিহনে গৃহবন্দী হৈ থাকিব লগীয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...