বোমাতংক! কি আছিল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোত?

৯ ঘণ্টাৰ অন্তত ৰহস্যভেদ হ’ল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোৰ। ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰিলে বোমা বিশেষজ্ঞৰ দলে। জেচিবিৰ সহায়ত জনশূন্য পথাৰলৈ লৈ যোৱা হৈছিল বেগটো। বেগটোত উদ্ধাৰ হ’ল কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰী।

দুপৰীয়া ১২-৩০মান বজাত সোণাৰিৰ নামৰূপ বাছষ্টেণ্ডৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক’লা বেগটোক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। স্থানীয় লোকে গৰাকী বিহীন ক’লা বেগটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বেগটোত বোমা থকাৰ সন্দেহ কৰিছিল। ইয়াৰ পিছতেই সোণাৰিত বিদ্যুৎ কৰ্তন তথা যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখাত জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে। আনহাতে মেটেল ডিটেক্টৰ তথা স্নিফাৰ ডগৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি বেগটোত বোমা থকাৰ সন্দেহ হোৱাত তিনিচুকীয়াৰ দিনজানস্থিত সেনা শিৱিৰৰ লগত যোগাযোগ কৰাত বোমা বিশেষজ্ঞৰ দল আহি ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত এখন জেচিবিৰ জৰিয়তে জনশূন্য পথাৰলৈ লৈ য়োৱা হয় বেগটো।

মন কৰিবলগীয়া যে, বোমাতংকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণে দুপৰীয়াৰ পৰা নিশা ৯ বজালৈকে বিদ্যুৎ অবিহনে গৃহবন্দী হৈ থাকিব লগীয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...