বাগিছা অঞ্চলত ক’ভিড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণে কি কৰিছে?

গুৱাহাটী, ২৯ জুন, NKTV: ৰাজ্যত কৰ’নাৰ দ্বিতীয়টো ঢৌ অব্য়াহত থকাৰ সময়তেই চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে সোমবাৰে চাহ বাগিছাৰ মালিক, মেনেজাৰ তথা তিনিচুকীয়াৰ স্বাস্থ্য কৰ্মীৰ লগত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকখনত মন্ত্ৰী সঞ্জয় কিষাণে চাহ বাগিছাৰ কৰ্মচাৰী সকলে সন্মুখীন হোৱা অসুবিধা সমূহৰ বিষয়ে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাৰ লগতে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে বাগিছাত চিকিৎসক, এম্বুলেঞ্চ আৰু অক্সিজেন উপলব্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে চাহ বাগিছাৰ শ্ৰমিকসকলে যাতে স্বাস্থ্য সংক্ৰান্তীয় অসুবিধাৰ সন্মুখীন হ’লে যাতে কোনো ধৰণৰ আওকাণ কৰা নহয় তাৰ বাবেও বাগিছাৰ কৰ্তৃপক্ষলৈ অনুৰোধ জনায়। ৰাজ্যত নতুন SOP বলৱৎ হোৱাৰ লগে লগে ক’ভিড নীতি মানি ইণ্ডাষ্ট্ৰীয়েল ইউনিট আৰু চাহ বাগিছা সমূহক নিজৰ কাম আগবঢ়াই নিবলৈ অনুমতি প্ৰদান কৰিছে। গোট অথবা চাহ বাগিছাৰ প্ৰধান গৰাকীয়ে কৰ্মচাৰী সকলৰ সামাজিক দূৰত্ব, মাস্ক পৰিধানকে ধৰি ছেনিটাইজেশ্যন তথা থাৰ্মেল স্কেনিং আদিত গুৰুত্ব প্ৰদান কৰিবলৈ দায়বদ্ধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...