বাগিছা অঞ্চলত ক’ভিড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণে কি কৰিছে?

গুৱাহাটী, ২৯ জুন, NKTV: ৰাজ্যত কৰ’নাৰ দ্বিতীয়টো ঢৌ অব্য়াহত থকাৰ সময়তেই চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে সোমবাৰে চাহ বাগিছাৰ মালিক, মেনেজাৰ তথা তিনিচুকীয়াৰ স্বাস্থ্য কৰ্মীৰ লগত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকখনত মন্ত্ৰী সঞ্জয় কিষাণে চাহ বাগিছাৰ কৰ্মচাৰী সকলে সন্মুখীন হোৱা অসুবিধা সমূহৰ বিষয়ে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাৰ লগতে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে বাগিছাত চিকিৎসক, এম্বুলেঞ্চ আৰু অক্সিজেন উপলব্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে চাহ বাগিছাৰ শ্ৰমিকসকলে যাতে স্বাস্থ্য সংক্ৰান্তীয় অসুবিধাৰ সন্মুখীন হ’লে যাতে কোনো ধৰণৰ আওকাণ কৰা নহয় তাৰ বাবেও বাগিছাৰ কৰ্তৃপক্ষলৈ অনুৰোধ জনায়। ৰাজ্যত নতুন SOP বলৱৎ হোৱাৰ লগে লগে ক’ভিড নীতি মানি ইণ্ডাষ্ট্ৰীয়েল ইউনিট আৰু চাহ বাগিছা সমূহক নিজৰ কাম আগবঢ়াই নিবলৈ অনুমতি প্ৰদান কৰিছে। গোট অথবা চাহ বাগিছাৰ প্ৰধান গৰাকীয়ে কৰ্মচাৰী সকলৰ সামাজিক দূৰত্ব, মাস্ক পৰিধানকে ধৰি ছেনিটাইজেশ্যন তথা থাৰ্মেল স্কেনিং আদিত গুৰুত্ব প্ৰদান কৰিবলৈ দায়বদ্ধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...