অসমৰ পৰা যোৱাৰ পূৰ্বে কি কৈ গ’ল জিগনেশ মেৱানীয়ে?

কাৰাৰুদ্ধ জীৱনৰ পৰা মুক্ত হৈ স্বভূমিলৈ গুজৰাটৰ বিধায়ক। প্ৰধানমন্ত্ৰীক সমালোচনা কৰি লিখা এটা টুইটে হঠাতে সলাই পেলাইছিল বিধায়কজনৰ জীৱন। কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ আনি গোচৰ ৰুজু কৰিছিল। কোকৰাঝাৰৰ গোচৰত জামিন লাভৰ পিছত বৰপেটাত আন এটা গোচৰ ৰুজু হৈছিল।

অৱশেষত ২৯ এপ্ৰিলত বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে জামিনত মুকলি কৰি দিয়ে জিগনেশ মেৱানীক। মেৱানীক গ্ৰেপ্তাৰৰ পিছতে অসম আৰু গুজৰাটত কংগ্ৰেছকৰ্মী আৰু বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছিল চৰকাৰক। বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে। অসম এৰি যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে কেইবাটাও উপদেশবাণী। গুজৰাটৰ বিধায়কক টাৰ্গেট কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিদ্যুতৰ সমস্যা দূৰ কৰাত গুৰুত্ব দিয়ক।

বিদ্যুতৰ সমস্যাত জৰ্জৰিত অসমৰ সাধাৰণ ৰাইজ। নিবনুৱা, কৃষকৰ সমস্যাত গুৰুত্ব দিয়ক চৰকাৰে। অন্য ৰাজ্যৰ বিধায়কক টাৰ্গেট কৰাতকৈ এইসমূহ সমস্যাত গুৰুত্ব দিয়াৰ পৰামৰ্শ জিগনেছ মেৱানীৰ। তেওঁ আৰু কয় যে এয়া হাৰাশাস্তিৰ ষড়যন্ত্ৰ ৰচিছিল বিজেপি চৰকাৰে। হয়তো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰলৈ আহিছিল এই নিৰ্দেশ। হঠাৎ কিয় গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিস্থিতি হ’ল অসম আৰক্ষীৰ। ৰাজনৈতিক হেঁচাৰ বাবে অসম আৰক্ষীয়ে বাৰে বাৰে গোচৰ ৰুজু কৰিছিল।

অন্যথা অসম আৰক্ষী কিয় ইমান কঠোৰ হ’ল বুলি প্ৰশ্ন মেৱানীৰ। গুজৰাটলৈ উভতি যোৱাৰ পূৰ্বে অসমৰ জনতাক ধন্যবাদ জিগনেছ মেৱানীৰ। ইয়াৰ লগতে অসমৰ ন্যায় ব্যৱস্থাক ধন্যবাদ জনালে জিগনেছ মেৱানীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...