ধৰ্মৰ নামত অসভ্যালি কৰা উন্মাদৰ বাবে গ’ল গৰ্ভস্থ সন্তানৰ প্ৰাণ

এতিয়া পৱিত্ৰ শাওণ মাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱ ভক্তৰ উছাহ-উদ্দীপনা। ভিন্ন ঠাইত বাহিৰ হৈছে বলবমৰ শোভাযাত্ৰা। পৱিত্ৰ এই কাৰ্যসূচীৰ গইনা লৈ একাংশই দুষ্কৃতিকাৰীয়ে সৃষ্টি কৰিছে অৰাজক পৰিৱেশ। ইয়াৰ মাজতে তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হ’ল এটা শোকাৱহ ঘটনা। বলবমৰ শোভাযাত্ৰাৰ বাবে ৰাস্তাত তিনি ঘণ্টা আবদ্ধ হৈ থাকিল প্ৰসূতি। হাস্পতাল গৈ নোপোৱাৰ বাবে মৃত্যু হ’ল গৰ্ভস্থ সন্তানৰ। এই ঘটনাৰ পাছতে তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়া। ধৰ্মৰ নামত এই উদ্ভণ্ডালি কিয়?

ভক্তিৰ এয়া কেনে বীভৎস ৰূপ?
ধৰ্মৰ নামত অসভ্যালি কৰা উন্মাদৰ বাবে গ’ল গৰ্ভস্থ সন্তানৰ প্ৰাণ

ডুমডুমা নগৰৰ মাজেৰে বাৰেবৰণীয়া লাইট লগাই উচ্চ স্বৰত গান বজাই আগবাঢ়িছিল বলবমৰ ৰেলী। যাৰ ফলত সৃষ্টি হৈছিল তীব্ৰ যানজঁটৰ। ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৩ৰ পৰা ৪ ঘণ্টা প্ৰয়োজন হৈছিল বাহনসমূহক। যান-জঁটৰ মাজত আবদ্ধ হৈ পৰিল এম্বুলেন্স।

আবদ্ধ হৈ থকা এখন বাহনত আছিল তিনিচুকীয়াৰ কৰ্দৈগুৰিৰ এগৰাকী প্ৰসূতি

মাত্ৰ ৮ কিলোমিটাৰ যাব পৰা হ’লেই চিকিৎসালয় পালেগৈহেঁতেন প্ৰসূতিগৰাকী। কিন্তু এই ভিৰৰ বাবে, যানজঁটৰ বাবে সময়ত মহিলাগৰাকী গৈ নাপালে হাস্পতাল।

গৰ্ভত থকা সন্তানৰ মৃত্যু হ’ল…

এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিনিচুকীয়াত। ধৰ্ম পালন কৰক। উদযাপন কৰক, ভক্তি কৰক। কিন্তু ধৰ্মৰ নামত এই উদ্ভণ্ডালি, সাধাৰণ জনতাৰ এই হাৰাশাস্তি কিয়? সেই নৱজাতকৰ মৃত্যুৰ দায়িত্ব এতিয়া কোনে ল’ব?

তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে। খিলঞ্জীয়া দল-সংগঠনৰ কাৰ্যসূচী হ’লে, কিবা ৰেলী বাহিৰ কৰিলে সদস্যতকৈ বেছি আৰক্ষী থাকে। কিন্তু বলবমৰ ৰেলীৰ ক্ষেত্ৰত যেন কোনো নীতি-নিয়মেই নাই। ৰেলীৰ নামত চিঞৰ-বাখৰ, হুলস্থুল, সুৰাপান কৰি নৃত্য। গাড়ীত ওলমি তাণ্ডৱ।

এয়া কেনেকুৱা ভক্তি?

তিনিচুকীয়া প্ৰশাসনে এইবোৰ দেখাই নাই নে দেখিও নেদেখাৰ ভাও জুৰিছে। প্ৰশ্ন কৰিছে বিভিন্ন দল-সংগঠনে। ডুমডুমাৰ এই ঘটনাই পোহৰলৈ আনিছে আন এটা দিশ। সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা মহিলাগৰাকীক প্ৰথমে লৈ যোৱা হৈছিল ডুমডুমা FRUলৈ। চিকিৎসক নথকাৰ বাবে প্ৰসূতিগৰাকীক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়াই যান-জঁটত আবদ্ধ হৈ পৰা মৃত্যু গৰ্ভস্থ সন্তানৰ। এগৰাকী প্ৰসূতিক চিকিৎসা কৰিব পৰাকৈ ব্যৱস্থা নাই গ্ৰাম্য চিকিৎসালয়ত। এবাৰ চিন্তা কৰক।

ঘটনা ডুমডুমাৰ… কিন্তু এনে দৃশ্য এতিয়া অসমত তেনেই সুলভ। চৰকাৰ-প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে। ভক্তিৰ নামত, ধৰ্মৰ নামত সমাজ ব্যৱস্থাৰ চূড়ান্ত অৱক্ষয়। আক্ৰান্ত অসমীয়াও। এয়া কিন্তু মুঠেও শুভলক্ষণ নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...