মঙলবাৰৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে বতাহ-ধুমুহা হোৱাৰ সম্ভাৱনা!

বৰ্তমান ৰাজ্যজুৰি বাঢ়িছে গৰমৰ প্ৰকোপ। এনে অসহ্যকৰ পৰিস্থিতিৰ মাজতে মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহা হোৱাৰো সম্ভাৱনা। বতৰ বিজ্ঞানীসকলৰ মতে ৰাজ্যত কাইলৈৰ পৰা প্ৰায় এসপ্তাহ ধৰি ঠায়ে ঠায়ে বৰষুণৰ লগতে বতাহ-ধুমুহা অহাৰ সম্ভাৱনা আছে।

বৰষুণৰ ফলত ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰা। মঙলবাৰে সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী ছেলচিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলছিয়াছলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আনহাতে বৰ্তমান সকলোকে আতংকিত কৰি তুলিছে সামুদ্ৰিক ঘূৰ্ণী অশনিয়ে। এক তীব্ৰ ঘূৰ্ণী বতাহে মঙলবাৰে অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ আৰু উৰিষ্যাৰ উপকুলৰ উত্তৰ-পশ্চিম দিশে আগবাঢ়িব বুলি পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান বিভাগে।

উত্তৰ অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু দক্ষিণ উৰিষ্যা উপকূলৰ ওচৰলৈ এই ঘূৰ্ণী বতাহ অহাৰ লগে লগে এই বতাহে দিশ সলনি কৰাৰো সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান বিভাগে। উত্তৰ-পশ্চিম দিশ এৰি এই ঘূৰ্ণী বতাহে উত্তৰ আৰু উত্তৰ-পূবৰ ফালে আগবাঢ়িব। আৰু লাহে লাহে ই উত্তৰ-পশ্চিম বংগোপসাগৰত প্ৰৱেশ কৰিব বুলিও বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...