বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু শ্লুইছ গেট পৰিদৰ্শন পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে।

শেহতীয়াকৈ বেঠুকান্দিত জলসিঞ্চন বিভাগৰ অধীনত থকা এখন শ্লুইছ গেট জলসম্পদ বিভাগে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তুলিছিল। অৱশ্য শ্লুইছ গেটখনৰ পৰা তলৰ ফালে কিছু কাৰীকৰি বিসংগতি ধৰা পৰাত জলসম্পদ বিভাগে সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে। মন্ত্ৰীগৰাকী আজি উক্ত স্থানত উপস্থিত হৈ শ্লুইছ গেটখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

আজিৰ পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰীকাই পানীৰ চাপৰ প্ৰতি লক্ষ্য কৰি বেঠুকান্দিত এখন ডাঙৰ শ্লুইছ গেটৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা বুলি ব্যক্ত কৰে আৰু অহা অক্টোবৰ মাহৰ পৰা ডাঙৰ শ্লুইছ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে।

আনহাতে বিগত বৰ্ষত চিগা অংশ মেৰামতি কৰি বৰাকৰ পাৰত নিৰ্মাণৰত নতুন মথাউৰিটো পূৰণা মথাউৰিতকৈ প্ৰায় দুগুণ ডাঙৰ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এই মথাউৰিৰ কামো প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা হৈছে আৰু এইবাৰ মথাউৰি চিগাৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হৈছে।

চৰকাৰে সম্ভাৱ্য বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সাজু কৰি তোলা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, জলসম্পদ বিভাগেও ক্ৰয় কৰি ৰখা প্ৰায় ১০ লাখ জিঅ’ বেগ আৰু ৯৫ হাজাৰ পাৰ্কুপাইন চেটৰ ৭৫ শতাংশই জিলাসমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...