অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ সময়তে মৰুভূমি সদৃশ পৰিৱেশ নৈৰ বক্ষত। এফালে অনাবৃষ্টি, পথাৰত মেলিছে চিৰাল ফাঁট। তাৰ মাজতে নৈৰ পানী শুকাই যোৱাক লৈ চিন্তিত নৈপৰীয়া। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এতিয়া ভাবুকি হৈ পৰিছে এনে পৰিৱেশ। ভৰ বাৰিষাৰ সময়ত ৰুদ্ৰ ৰুপ ধাৰণ কৰে পাগলাদিয়াই। তেনে সময়তে অস্বাভাৱিকভাৱে শুকাইছে নৈৰ পানী। গতিক স্বাভাৱিকতেই চিন্তত হৈ পৰিছে নৈপৰীয়া ৰাইজ।
