ডিজিপি আৰু পৰেশ বৰুৱাৰ বাকযুদ্ধৰ মাজতে নতুন চাঞ্চল্য

ডিজিপি আৰু পৰেশ বৰুৱাৰ বাকযুদ্ধৰ মাজতে নতুন চাঞ্চল্য
গুৱাহাটীত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ সন্দেহজনক আলফা(স্বাঃ)ৰ কেডাৰ
জি পি সিঙক প্ৰত্যাহ্বান জনাই যেন বেকফুটত পৰেশ বৰুৱা

মালিগাঁৱৰ BBC কলনীত আত্মগোপন কৰি থকা এই ৩ সন্দেহজনক আলফা(স্বাঃ)ৰ কেডাৰ পৰিল আৰক্ষীৰ জালত। ৩ সদস্যৰ পৰা জব্দ এটা পুৰণি পিষ্টল। শেহতীয়াকৈ DGPক প্ৰত্যাহ্বান জনাই উজনিত অসমত ধাৰাৱাহিক কূটাঘাত সংঘটিত কৰিছিল আলফা স্বাধীনে। তাৰ পিছতে পৰেশ বৰুৱাক মুকলি প্ৰত্যাহ্বান জনাইছিল DGP জি পি সিঙে। সাধাৰণ জনতাক হাৰাশাস্তি নকৰি DGPকে লক্ষ্য কৰাৰ বাবে জনাইছিল প্ৰত্যাহ্বান।

DGPৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আলফা স্বাধীনে দিছিল দুটা চৰ্ত। DGPক থলগিৰি দেহৰক্ষী প্ৰত্যাহাৰ আৰু এসপ্তাত গুৱাহাটীত মুকলিকৈ ঘুৰিফুৰাৰ চৰ্ত দিছিল পৰেশ বৰুৱাই। তাৰ মাজতে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙেও পৰেশ বৰুৱাক কৰিছিল তুচ্ছ তাচ্ছিল্য।

ইফালে, অসম আৰক্ষীৰ দুই বৰমুৰীয়াৰ সমান্তৰালকৈ পৰেশ বৰুৱাক প্ৰত্যাহ্বান নাহৰকটীয়াৰ উপ আৰক্ষী অধীক্ষক নব কুমাৰ বৰাৰ। অৰণ্যৰ মাজৰ পৰা সামাজিক মাধ্যমযোগে পৰেশ বৰুৱাক হুংকাৰ আৰক্ষী বিষয়াৰজনৰ।

এনেদৰে অসম আৰক্ষীৰ ইজনৰ পিছত সিজন বিষয়াই আলফা স্বাধীন তথা পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনোৱাতে ক্ষান্ত থকা নাই। আলফা স্বাধীনৰ বিৰুদ্ধে অভিযানো তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। তাৰ মাজতে গুৱাহাটীত আৰক্ষী হাতত লাগিল এক বৃহৎ‍ সফলতা। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই পাণ্ডুৰ বিবিচি কলনীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসীম অধিকাৰী, ৰূপজ্যোতি দাস আৰু মুন দেৱনাথক। আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিওজনে মিলি লুকুৱাই ৰখা এটা .32 পিষ্টল। ধৃত মুন দেৱনাথৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে পিষ্টলটো। ধৃত তিনিজনৰ অসীম অধীকাৰীৰ আলফা স্বাধনৰে যোগসূত্ৰৰ স্পষ্ট তথ্য লাভ কৰিছে আৰক্ষীয়ে। অসীমক আলফাৰ লিংকমেন হিচাপে ২০২১চনত ছিপাঝাৰ আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ। ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল অসীম। গুৱাহাটীত সংগঠনটোৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিছিল অসীমে। সদস্যভৰ্তি অভিযানৰ নেতৃত্ব লোৱাৰ অভিযোগ অসীমৰ বিৰুদ্ধে। কম্পিউটাৰ অপাৰেটৰৰ পৰিচয়েৰে সাংগঠনিক কাম চলোৱাৰ অভিযোগ। মহানগৰীৰ বহু যুৱকক সংগঠনটোৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। গুৱাহাটীৰ পৰা যুৱতী আলফালৈ যোৱাৰ প্ৰসংতটো জ্ঞাত আছিল অসীম। পূৰ্বে ৮ মাহ জে’লত থাকোতে কেইবাজনো আলফা নেতাৰ সংস্পৰ্শলৈ আহিছিল অসীম।

ইফালে, পিতৃ ৰে’লৱেত কৰ্মৰত হোৱাৰ বাবে পাণ্ডুৰ বি বি চি কলনীত আছিল অসীম। ৰূপজ্যোতি আৰু মুন দেৱনাথে পিষ্টলটো লুকাই ৰখাত সহায় কৰিছিল অসীমক। ইতিমধ্যে আৰক্ষীয়ে ধৃত তিনিওৰে বিৰুদ্ধে UAPA এক্ট আৰু অস্ত্ৰ আইনৰ আধীনত ৰুজু কৰিছে গোচৰ। ৭৪০/২৩ নম্বৰত ৰুজু কৰিছে গোচৰ।

কিন্তু পিষ্টলটো কি উদ্দেশ্যত লুকুৱাই ৰাখিছিল তিনিও? ধৃত তিনিওজনকে জিম্মাত লৈ আৰক্ষীয়ে চলাব মাৰাথন জেৰা। কিন্তু অসম আৰক্ষী এনে আগ্ৰাসী স্থিতিৰ পিছত এতিয়া আলফা স্বাধীনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...