ODI-T20ৰ অধিনায়কত্ব ত্যাগ কৰিব বিৰাট কোহলীয়ে!

ভাৰতীয় ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়ক বিৰাট কোহলীয়ে শীঘ্ৰেই এদিনীয়া আৰু টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব। টি-২০ বিশ্বকাপৰ ঠিক পিছতে কোহলীয়ে এই দুই ফৰ্মেটৰ পৰা অধিনায়কৰ পদ ত্যাগ কৰিব আৰু আই পি এলৰ আটাইতকৈ সফল অধিনায়ক ৰোহিত শৰ্মাই এই দুই ফৰ্মেটৰ দায়িত্ব ল’ব। অৱশ্যে, সোমবাৰে বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমেলে এই খবৰ অস্বীকাৰ কৰি কয় যে, বিৰাট কোহলী তিনিওটা ফৰ্মেটতে অধিনায়ক হৈ থাকিব আৰু এনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই য’ত অধিনায়কত্বৰ বিকল্পৰ বিষয়ে আলোচনা কৰা হৈছে।

“এয়া অসত্য খবৰ। তেনেকুৱা একো হোৱা নাই। আপোনালোকেহে (মিডিয়া) এই বিষয়ে চৰ্চা কৰিছে। বিচিচিআইয়ে এই বিষয়ত একো আলোচনা কৰা নাই (অধিনায়কত্ব সম্পৰ্কত)। বিৰাট সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে থাকিব। এই সিদ্ধান্ত গ্ৰহণৰ বাবে তেনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই,” অৰুণ ধুমেলে আইএএনএছক কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...