ODI-T20ৰ অধিনায়কত্ব ত্যাগ কৰিব বিৰাট কোহলীয়ে!

ভাৰতীয় ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়ক বিৰাট কোহলীয়ে শীঘ্ৰেই এদিনীয়া আৰু টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব। টি-২০ বিশ্বকাপৰ ঠিক পিছতে কোহলীয়ে এই দুই ফৰ্মেটৰ পৰা অধিনায়কৰ পদ ত্যাগ কৰিব আৰু আই পি এলৰ আটাইতকৈ সফল অধিনায়ক ৰোহিত শৰ্মাই এই দুই ফৰ্মেটৰ দায়িত্ব ল’ব। অৱশ্যে, সোমবাৰে বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমেলে এই খবৰ অস্বীকাৰ কৰি কয় যে, বিৰাট কোহলী তিনিওটা ফৰ্মেটতে অধিনায়ক হৈ থাকিব আৰু এনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই য’ত অধিনায়কত্বৰ বিকল্পৰ বিষয়ে আলোচনা কৰা হৈছে।

“এয়া অসত্য খবৰ। তেনেকুৱা একো হোৱা নাই। আপোনালোকেহে (মিডিয়া) এই বিষয়ে চৰ্চা কৰিছে। বিচিচিআইয়ে এই বিষয়ত একো আলোচনা কৰা নাই (অধিনায়কত্ব সম্পৰ্কত)। বিৰাট সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে থাকিব। এই সিদ্ধান্ত গ্ৰহণৰ বাবে তেনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই,” অৰুণ ধুমেলে আইএএনএছক কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...