বলীউডৰ প্ৰবীন অভিনেতা অনুপম শ্যামৰ মৃত্যু

গুৱাহাটী, ৯ আগষ্ট, NKTV: শেষ নিশ্বাস ত্যাগ কৰিলে বলীউডৰ বৰ্ষীয়ান অভিনেতা অনুপম শ্যামে। ৬৩ বছৰ বয়সত দেহৰ বিভিন্ন অংগৰ বিকল হৈ পৰাত মৃত্যুক আকোৱালি ল’লে অভিনেতাজনে। বিগত বৰ্ষৰ পৰাই অভিনেতা অনুপম শ্যামে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈছিল। এসপ্তাহ পূৰ্বে স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত মুম্বাই স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত অভিনেতাজনক ভৰ্তি কৰোৱা হৈছিল। দেওবাৰে মুম্বাইস্থিত চিটি হাস্পতালত অভিনেতাজনে মৃত্যুক আকোৱালি লয়।
টিভি অনুষ্ঠান “মন কী আৱাজ প্ৰতিজ্ঞা”ত কৰা বলিষ্ঠ অভিনয়েৰে তেওঁ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও দিল ছে, শ্লামড’গ মিলিয়নাৰ আৰু লগন আদিৰ দৰে চুপাৰহিট ছবিতো অভিনেতাজনক দেখিবলৈ পোৱা গৈছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...