জীৱনটোক ভাল পাবলৈ শিকোৱা মানুহজন গ’লগৈ…

নিয়তিৰ কোলাত শুই পৰিল প্ৰখ্যাত অভিনেতা-লেখক-আইনজ্ঞ-ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা
দিঃ কুঃ হাঃৰূপে প্রখ্যাত ব্যক্তিজনৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ
গুণমুগ্ধৰ উপস্থিতিত নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন দিলীপ কুমাৰ হাজৰিকাৰ

জীৱনটোক ভাল পাবলৈ শিকোৱা মানুহজন গ’লগৈ…

মুখত এমোকোৰা হাহিৰে সৈতে সেই মৰমীয়াল ব্যক্তিজন..গ’লগৈ। সাহিত্য, সংস্কৃতিৰে ওৰেতো জীৱন সাধনা কৰি ৯০ বছৰ বয়সত জীৱন যুঁজত হাৰ মানিলে দিলীপ কুমাৰ হাজৰিকাই। একেধাৰে অভিনেতা, লেখক, আইনজ্ঞ, বোলছবি সাংবাদিক তথা ৰাজনীতিবিদ আৰু কি নাছিল দিলীপ কুমাৰ হাজৰিকা।

১৯৬৩ চনত নিৰ্মিত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ছবি
‘মণিৰাম দেৱান’ত পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয়

‘বুকু হম হম কৰে’ গীতত অপূৰ্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান লৈছিল দিলীপ কুমাৰ হাজৰিকাই।

পেশাত ওকালতি কৰাৰ লগতে হাজৰিকাৰ নিচা আছিল সংস্কৃতি সাধনা
নাটক, চিনেমাৰ লগতে অসমীয়া প্ৰবন্ধ জগততো
‘অফুৰন্ত কথাবোৰ’
‘সোমাই পৰিছো সময়ৰ সুৰংগত’

‘কতনো দেখিলো কতনো শুনিলো’ আদি গ্ৰন্থৰে পাঠকৰ হৃদয়ো জিনিবলৈ সক্ষম হৈছিল হাজৰিকাই। ‘দিঃ কুঃ হাঃ’ ছদ্মনামেৰে কাকতত লিখি জনপ্ৰিয় হৈছিল দিলীপ হাজৰিকা…

নিজৰ ভালপোৱা কামবোৰ কৰি জীৱনটোক উদযাপন কৰা সৰবৰহী, ব্যক্তিগৰাকীৰ
বৃহস্পতিবাৰে নিশা ৮.৩১ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ

শুকুৰবাৰে উজান বজাৰৰ বাসগৃহত পুৱাৰে পৰা গুণমগ্ধৰ হয় ভিৰ। বাসগৃহৰ পৰা হাজৰিকাৰ নিথৰ দেহ শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ যোৱা হয় এন চি পিৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয় চৌহদলৈ।

সমাজবাদী নেতা হিচাপে পৰিচিত আছিল দিলীপ হাজৰিকা
প্রয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্র সিংহৰ অতি ঘনিষ্ঠ আছিল হাজৰিকা

পুৱা ১১ বজাত নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সমাপন হয় হাজৰিকাৰ। শিল্পী সাহায্য নিধি খুলি ৩ শতাধিক শিল্পীক সাহায্য প্রদান কৰা হাজৰিকাৰ অন্তিম যাত্ৰাত দেখা গ’ল মুষ্টিমেয় সংখ্যক লোককহে। উপস্থিত থকা শিল্পীৰ সংখ্যা আছিল তেনেই নগণ্য।

অসমক নিবিড়ভাৱে ভালপোৱা দিলীপ হাজৰিকাই এগৰাকী কন্যা আৰু এজন পুত্র সন্তান এৰি গৈছে। ৰাজ্যসভাৰ সাংসদ হোৱাৰ সুযোগ পায়ো সেই সুযোগ গ্রহণ নকৰা অসমৰ ৰাজনীতিৰ আপোচহীন চৰিত্র দিলীপ হাজৰিকাৰ প্রতি আমি জনালো গভীৰ শ্রদ্ধাঞ্জলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...