লিবিয়াৰ বানত নিহতৰ সংখ্যা ২০ সহস্ৰাধিক হোৱাৰ আশংকা

0 128

ধুমুহা–বানত ক্ষতিগ্রস্ত লিবিয়াৰ বন্দৰ চহৰ ডেৰনাত নিহতৰ সংখ্যা ২০ সহস্রাধিক হ’বগৈ বুলি আশংকা কৰিছে ডেৰনা চহৰৰ মেয়ৰে। দুটাকৈ নদীবান্ধ ভঙাৰ ফলত অহা ২০ ফুট ওখ পানীৰ ধলে ডেৰনা চহৰখন মৃত্যু উপত্যকাত পৰিণত কৰে।    

লিবিয়াৰ বানত নিহতৰ সংখ্যা ২০ সহস্ৰাধিক হোৱাৰ আশংকা

এতিয়ালৈকে ১১ হাজাৰ লোকৰ মৃতদেহ উদ্ধাৰ

এতিয়াও নিখোজ হৈ ৰৈছে কেইবা সহস্ৰাধিক

নিখোজ লোকক বিচাৰি আত্মীয়-স্বজনৰ হাহাকাৰ

চহৰখনৰ এক পঞ্চমাংশ লোকৰে মৃত্যুৰ আশংকা

দুটাকৈ নদীবান্ধ ভঙাৰ ফলতে ডেৰনাত এই ধ্বংসলীলা

লিবিয়াৰ বন্দৰনগৰী ডেৰনা এখন পৰ্যটক চহৰৰূপে প্রখ্যাত। এই ঐতিহাসিক চহৰখনত আছিল প্রায় ১ লাখ লোক। ডেৰনা প্রখ্যাত বেটেল অব ডেৰনাৰ বাবে। ১৮০৫ চনত হোৱা এই ডেৰনা যুদ্ধত যুক্তৰাষ্ট্রৰ সেনাই প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত বিজয় সাব্যস্ত কৰিছিল। এই মনোৰম নৈসৰ্গিক শোভাৰ বাবে প্রখ্যাত ডেৰনা চহৰখন যোৱা দেওবাৰে ধুমুহাৰ ফলত হোৱা প্ৰচণ্ড বানে ধ্বংসস্তূপত পৰিণত কৰে। এই চহৰখন এনেকৈ ক্ষতিগ্রস্ত হৈছে যে সমগ্র চহৰখনেই বান কবলিত হৈ সাগৰৰ মাজত সোমাই পৰা যেন হৈ পৰিছিল।     

ডেৰনা বিধ্বস্ত হোৱাৰ আঁৰত আছে দুটাকৈ নদীবান্ধৰ ধ্বংসলীলা

দেওবাৰে সন্ধিয়া লিবিয়াৰ বেনগাজিৰ ওচৰত ঘূৰ্ণি ডেনিয়েল এছাৰ খাই পৰিছিল ভূ-ভাগত

তাৰ ফলত হোৱা বৰষুণৰ পানীয়ে বুৰাই পেলাইছিল ডেৰনাৰ সমীপৰ দুটাকৈ নদীবান্ধ

ৱাডি ডেৰনা নৈৰ ওপৰত থকা ডেৰনা আৰু মানছৌৰ নদীবান্ধ ভঙাৰ ফলতে এই বিপৰ্যয়          

নদীবান্ধ দুটা ভাঙি ওলাই অহা পানীৰ ধলে কেইবাখনো দলং উটুৱাই নিয়ে

সেই পানীৰ ধলে ধ্বংসলীলা চলায় ডেৰনা চহৰত

ডেৰনা চহৰত এই ধ্বংসলীলাত নিহতৰ সংখ্যা এতিয়ালৈকে নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। ডেৰনাৰ মেয়ৰ আব্দুল মেনাম অল ঘাইথীয়ে জানিবলৈ দিয়া মতে চহৰখনৰ প্ৰায় ১৮ হাজাৰৰ পৰা প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে ডেৰনাত চলোৱা হৈছে ব্যাপক উদ্ধাৰ অভিযান। দেশখনত মোৱাম্মাৰ গাড্ডাফি নেতৃত্বাধীন চৰকাৰখন নাটো বাহিনীয়ে ২০১১ চনত উৎখাত কৰাৰ পাছত সমগ্র দেশখন কেইবাটাও ভাগত বিভক্ত হৈ আছে। দেশখনৰ পশ্চিমভাগত  বৰ্তমান আছে গভৰ্ণমেণ্ট অব নেশ্যনেল ইউনিটীৰ চৰকাৰ। ডেৰনাৰ দায়িত্বত আছে লিবিয়ান নেশ্যনেল আৰ্মী অব খালিফা হাত্তাৰ চৰকাৰ। ডেৰনালৈ সম্প্ৰতি বিভিন্ন দেশে সাহায্য সামগ্ৰী পঠিয়াইছে। তাৰ ভিতৰত অন্যতম হৈছে ইজিপ্ত, টিউনিছিয়া, UAE, তুৰ্কীয়ে আদি দেশ।

ডেৰনাৰ চৌপাশত দেওবাৰে ২৪ ঘণ্টাত বৰষুণ পৰিছিল প্ৰায় ৪০০ মিলিমিটাৰ

সাধাৰণতে ছেপ্টেম্বৰ মাহত গড়ে বৰষুণ হয় প্ৰায় ডেৰ মিলিমিটাৰ

বান্ধ ভাঙি প্রায় ৭ মিটাৰ ওখ ঢৌৰ ধলে বিধ্বস্ত কৰিছিল নিশা শুই থকা ডেৰনাক

চহৰখনৰ প্ৰায়ভাগ দালান ধ্বংস হোৱা ডেৰনাত এতিয়া নিখোজৰ সন্ধানত চলিছে ব্যাপক অভিযান। কিন্তু বানে অনা বালিত পোত যোৱাত কিমানসংখ্যক লোকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা যাব তাক লৈ সন্দেহৰ অৱকাশ আছে।

Leave A Reply

Your email address will not be published.