ISROৰ নতুন অধ্যক্ষ ভি নাৰায়ণনৰ এই কথাকেইটা জানেনে?

কেন্দ্ৰীয় চৰকাৰে মহাকাশ বিজ্ঞানী ভি নাৰায়ণনক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ভি নাৰায়ণনক মহাকাশ বিভাগৰ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে। ১৪ জানুৱাৰীত ইছৰোৰ মুৰব্বী এছ সোমনাথৰ ঠাইত কাৰ্যভাৰ গ্ৰহণ কৰিব।
নাৰায়ণনৰ কাৰ্যকাল ২ বছৰৰ বাবে হ’ব। বৰ্তমান লিয়ামালাত অৱস্থিত লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ(এলপিএছ চি)ৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। এই ক্ষেত্ৰখনত নাৰায়ণনৰ ৪০ বছৰৰ অভিজ্ঞতা আছে। ৰকেট আৰু মহাকাশযান অভিযানৰ বিশেষজ্ঞ।
উল্লেখ্য যে, ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ এছ. সোমনাথে ২০২২ চনৰ ১৪ জানুৱাৰীত ইছৰোৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৩ বছৰৰ কাৰ্যকালৰ অন্তত অৱসৰ গ্ৰহণ কৰিব সোমনাথে। তেখেতৰ কাৰ্যকালত ইছৰোই ইতিহাস ৰচনা হৈছিল। ইছৰোৱে উত্ক্ষেপণ কৰা চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছিল আৰু পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ ওপৰত থকা লেগ্ৰেঞ্জ পইণ্টত সূৰ্য্যৰ অধ্যয়নৰ বাবে আদিত্য-এল১ প্ৰেৰণ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...