মাত্ৰ ৩০ টকা। যিকোনো ষ্টেচনলৈ যাওক মাত্ৰ ৩০ টকাত। এটা ষ্টেচনত উঠিলেও ৩০ টকা, ৫-৬টা ষ্টেচন অতিক্ৰম কৰিলেও ৩০ টকাই ভাড়া। দেশজুৰি চৰ্চিত হৈছে এখন বিশেষ ৰে’ল। পূৰ্বোত্তৰ ৰে’লৱে চলাচল কৰোৱা এই বিশেষ ৰে’লখনত উঠা প্ৰতিজন যাত্ৰীৰ ভাড়া মাত্ৰা ৩০ টকা। ১৮৯৬ চনৰ পৰা একেই গতিত চলি আছে ৰে’লখন। ৩৫ কিঃমিঃজোৰা দৈৰ্ঘ্যত চলাচল কৰা ৰে’লখনত যাত্ৰাৰ বাবে এবাৰত যাত্ৰীয়ে দিব লাগে মাত্ৰ ৩০ টকা। ছলেমপুৰ, ছিছৈ, সতৰাও হৈ দেওৰা বাবা হাল্ট, পীৱ কোলসহ মুঠ ৭টা ষ্টেচনৰ মাজত চলাচল কৰে ৰে’লখন। আনহাতে. ৰে’লখন খোলা-বন্ধ কৰাৰ পৰা ৰে’ল ক্ৰছিং আৰু ৰখা বা চলাচল সকলো নিৰ্ধাৰণ কৰে কেব ড্ৰাইভাৰ আৰু গাৰ্ডজনে। সৰযু নদীৰ পাৰে পাৰে দৈনিক চলাচল কৰে এই বিশেষ ৰে’লখনে। উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৩০ কিঃমিঃ নিলগৰ ৰে’লপথটো ব্ৰিটিছৰ দিনতে তৈয়াৰ কৰা হৈছিল। দেৱৰিয়া জিলা সদৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত সৰযু নদীৰ পাৰত অৱস্থিত বৰহাজ বজাৰ ব্ৰিটিছ শাসনকালত এক মুখ্য বাণিজ্য কেন্দ্ৰ আছিল। পিছত ইয়াৰ বাণিজ্যিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছে ১৮৯৬ চনত বৰহাজৰ পৰা ভাটনিলৈ ৰে’লপথ স্থাপন কৰে আৰু বৰহাজক দেশৰ মুখ্য চহৰসমূহৰ সৈতে সংযোগ কৰে। পাছলৈ অঞ্চলটোত উত্পাদিত শস্য, বিচিত্ৰ প্ৰকাৰৰ লো বিদেশলৈ ৰপ্তানি কৰা হৈছিল। দেওবাৰৰ বাহিৰে আন দিনত ৪ বাৰ অহা-যোৱা কৰে ৰে’লখনে। দেওবাৰে কেৱল এবাৰহে যাত্ৰা কৰে ৰেলখনে। পূৰ্বে ৰেলখনৰ ভাড়া আছিল মাত্ৰ ১০ টকা। ক’ভিডৰ পিছতে ৰে’লখনৰ ভাড়া ৩০ টকালৈ বৃদ্ধি কৰা হয়। ২০১৩ত ৰে’লখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ৰে’ল বিভাগে। লোকচানৰ গৰাহত পৰাৰ বাবে ৰে’ল বন্ধ কৰাৰ সিদ্ধান্তত জাঙুৰ খাই পৰিছিল স্থানীয় লোকসকল। ৰাইজৰ ক্ষোভৰ পিছতে স্তব্ধ নহ’ল দেশৰ আটাইতকৈ সস্তীয়া ৰে’লখনৰ চলাচল। আজিও ঐতিহ্যবাহী বৰহজীয়া ৰে’লৰ চলাচল অব্যাহত আছে।