আনাৰসৰ এইকেইটা উপকাৰিতাৰ বিষয়ে জানেনে?

আনাৰস অসমীয়া সমাজত যি মাটি কঁঠাল হিচাপেও জনপ্ৰিয়। এই সুস্বাদু ফলবিধৰ আছে বহুতো ঔষধি গুণ। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। পিছে উভয় প্ৰকাৰ আনাৰসেই অতি উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল। আনাৰসৰ পাতৰ কুমলীয়া গুৰি অংশ ঔষধৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ গুড়িৰ কুমলীয়া অংশ কাটি ৰস উলিয়াই এক তোলা বা দুই তোলা পৰিমাণলৈ ব্যৱহাৰ কৰিব পৰা যায়। আনাৰসৰ ফলত মিঠা আৰু টেঙা ৰস পোৱা যায়। ই কৃমিনাশক, বলকাৰক, বাত নাশক, ৰুচিকাৰক, তৃপ্তিকাৰক, গুৰু আৰু পুষ্টিকাৰক। কেঁচা আনাৰসৰ ফলতকৈ পকা আনাৰসৰ ফলৰ ৰস বেছি উপকাৰী। ই আগ্নেয় আৰু স্নিগতা কাৰক। কুমলীয়া পাতৰ গুৰি অংশৰ ৰস বমি আৰু কৃমিনাশক। জ্বৰ উঠি বমি হ’লে আনাৰসৰ পাতৰ ৰস অতি উপকাৰী। গতিকে আনাৰস খোৱাৰ অভ্যাস কৰক আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...