আনাৰসৰ এইকেইটা উপকাৰিতাৰ বিষয়ে জানেনে?

আনাৰস অসমীয়া সমাজত যি মাটি কঁঠাল হিচাপেও জনপ্ৰিয়। এই সুস্বাদু ফলবিধৰ আছে বহুতো ঔষধি গুণ। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। পিছে উভয় প্ৰকাৰ আনাৰসেই অতি উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল। আনাৰসৰ পাতৰ কুমলীয়া গুৰি অংশ ঔষধৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ গুড়িৰ কুমলীয়া অংশ কাটি ৰস উলিয়াই এক তোলা বা দুই তোলা পৰিমাণলৈ ব্যৱহাৰ কৰিব পৰা যায়। আনাৰসৰ ফলত মিঠা আৰু টেঙা ৰস পোৱা যায়। ই কৃমিনাশক, বলকাৰক, বাত নাশক, ৰুচিকাৰক, তৃপ্তিকাৰক, গুৰু আৰু পুষ্টিকাৰক। কেঁচা আনাৰসৰ ফলতকৈ পকা আনাৰসৰ ফলৰ ৰস বেছি উপকাৰী। ই আগ্নেয় আৰু স্নিগতা কাৰক। কুমলীয়া পাতৰ গুৰি অংশৰ ৰস বমি আৰু কৃমিনাশক। জ্বৰ উঠি বমি হ’লে আনাৰসৰ পাতৰ ৰস অতি উপকাৰী। গতিকে আনাৰস খোৱাৰ অভ্যাস কৰক আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...