গাজাৰ বাসিন্দাক ভিছা প্ৰদান নকৰে আমেৰিকাই

গাজাৰ বাসিন্দাসকলক আমেৰিকাত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব! শনিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এখন বিজ্ঞপ্তি জাৰি কৰি গাজাৰ পৰা আমেৰিকালৈ আহিবলৈ ইচ্ছুক নাগৰিকৰ ভিছা স্থগিত কৰাৰ সিদ্ধান্তৰ কথা জনোৱা হৈছে। সাধাৰণতে পৰ্যটন ভিছাৰ জৰিয়তে গাজাৰ বাসিন্দাসকলে আমেৰিকাত চিকিৎসাৰ বাবে আহে। বিগত কেইবামাহ ধৰি এই তালিকাত শিশুৰ সংখ্যা বেছি দেখা গৈছিল।

বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভিছাৰ প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে পৰ্যালোচনা কৰা হ’ব। তেওঁলোকে কৈছে, “আমি সম্পূৰ্ণ আৰু সযতনে পৰ্যালোচনা নকৰা পর্যন্ত গাজাৰ নাগৰিকৰ বাবে সকলো পৰ্যটন ভিছা বন্ধ কৰা হৈছে।”

গাজাৰ বাসিন্দাসকলৰ আমেৰিকালৈ অহাৰ বিষয়ে কেইদিনমানৰ পৰা দক্ষিণপন্থী নেত্ৰী লৰা লুমাৰে (Laura loomer) বিভিন্নভাৱে প্ৰচাৰ চলাই আহিছে। সামাজিক মাধ্যমত কেতিয়াবা পোষ্ট কৰি, কেতিয়াবা সাংবাদিকৰ সৈতে বৈঠক কৰি এই বিষয়ে ‘উদ্বেগ’ প্ৰকাশ কৰিছে। অসুস্থ লোকসকলক লৈ গাজাৰ পৰা আমেৰিকালৈ অহা বিশেষ বিমানসমূহক তেওঁ ‘ৰাষ্ট্ৰীয় সুৰক্ষাৰ ভাবুকি’ বুলি সৰৱ হৈছে। তেওঁৰ এই প্ৰচাৰৰ বাবেই নেকি আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে এই সিদ্ধান্ত লৈছে? এনে প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ, ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে লৰাই ট্ৰাম্পৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছিল। তেওঁ অতি দক্ষিণপন্থী আৰু ট্ৰাম্পৰ সক্ৰিয় সমৰ্থক হিচাপে পৰিচিত। কেইবাৰো ট্ৰাম্পৰ মুখত তেওঁৰ প্ৰশংসা শুনা গৈছে। ট্ৰাম্পে লৰাক ‘দেশপ্ৰেমী’ বুলিও বাৰে বাৰে উল্লেখ কৰিছে।

কেইসপ্তাহমান আগতে ‘এইচইএএল প্যালেষ্টাইন’ নামৰ এটা অ-চৰকাৰী সংস্থাই এটা কাৰ্যসূচী আৰম্ভ কৰিছিল। গাজাৰ পৰা আমেৰিকালৈ চিকিৎসাৰ বাবে অহা বাসিন্দাসকলক, মূলতঃ শিশুসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছিল। এই সংস্থাই মূলতঃ গাজাৰ পৰা অসুস্থ শিশুসকলক আমেৰিকালৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰি আহিছিল। সংস্থাটোৰ দাবী, এতিয়ালৈকে তেওঁলোকে ৬৩জন শিশুক গাজাৰ পৰা আমেৰিকালৈ নিছিল। তেওঁলোকক আমেৰিকাৰ ৯খন চহৰৰ বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ট্ৰাম্প প্ৰশাসনে গাজাৰ বাসিন্দাসকলৰ বাবে ভিছা বন্ধৰ সিদ্ধান্ত প্ৰকাশ পোৱাৰ পিছতে সমালোচনাৰ ধুমুহাৰ উদ্ভৱ হৈছে। বহুতে প্ৰশ্ন তুলিছে, অসুস্থ শিশু এজনে কেনেকৈ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি হ’ব পাৰে? মানৱীয় কাৰণত ভিছা প্ৰদানৰ পক্ষতো বহুতে যুক্তি দিছে।

ইয়াৰ উপৰিও, আমেৰিকাৰ প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছত লৰাৰ ভূমিকা আছে বুলি বিভিন্ন মহলত দাবী উত্থাপিত হৈছে। কাৰণ, ভিছা বন্ধৰ সিদ্ধান্তক স্বাগতম জনাই লৰাই দাবী কৰিছে যে শুকুৰবাৰে তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিয়োৰ সৈতে কথা পাতিছিল। আলোচনাত গাজাৰ পৰা আমেৰিকালৈ অহা অসুস্থ শিশুৰ বিষয়টোও আছিল!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...