হৈছিল কি? চিনেমাৰ কাহিনীৰ দৰে তৃতীয় এখন দেশত বন্দী বিনিময় কৰিলে আমেৰিকা-ৰাছিয়াই

আমেৰিকা আৰু ৰাছিয়াৰ মাজত এক চিনেমাৰ কাহিনীৰ দৰে বন্দী বিনিময়। তৃতীয় এখন দেশত দুয়োখন দেশে বিনিময় কৰে কাৰাৰুদ্ধ হৈ থকা দুজন অপৰাধীক। এগৰাকী অলিম্পিকৰ দুটাকৈ স্বৰ্ণপদক বিজয়ী বাস্কেটবল খেলুৱৈ। আনজন মৃত্যুৰ সদাগৰ নামেৰে বিশ্বজুৰি পৰিচিত এজন অস্ত্ৰ ব্যৱসায়ী। আমেৰিকাৰ বাস্কেটবল তাৰকা ব্ৰিটনী গ্ৰীনাৰক ড্ৰাগছসহ কৰায়ত্ত কৰি কাৰাদণ্ড বিহিছিল ৰাছিয়াই। আনহাতে ৰাছিয়াৰ কুখ্যাত অস্ত্ৰ ব্যৱসায়ী তথা বিশ্বৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থীক অস্ত্ৰ যোগানৰ বাবে কুখ্যাত ভিক্টৰ বাউটক আমেৰিকাই এক বিশেষ অভিযান চলাই থাইলেণ্ডত গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ গৈছিল। আমেৰিকাত ২৫ বছৰৰ কাৰাদণ্ড বিহিছিল বাউটক। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ সময়ত মস্কো বিমানবন্দৰত আমেৰিকাৰ মহিলা ৰাষ্ট্ৰীয় বাস্কেটবল এছ’চিয়েশ্যনৰ চেম্পিয়ন ব্ৰিটনীক সামান্য পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৰাছিয়াৰ চৰকাৰে। শুকুৰবাৰে দুয়োকে বন্দী প্ৰত্যৰ্পণ চুক্তি অনুসৰি বিনিময় কৰে ৰাছিয়া আৰু আমেৰিকাই। আবু ধাবিত দুয়োখন দেশৰ বিমানেৰে অনাৰ পিছত ৰানৱে’তে বিনিময় কৰা হয়। আমেৰিকাই ৰাছিয়াৰ হাতত চমজাই দিয়ে মাৰণাস্ত্ৰ ব্যৱসায়ী ভিক্টৰ বাউটক। আনহাতে ৰুছ কৰ্তৃপক্ষৰ পৰা বাস্কেটবল খেলুৱৈ ব্ৰিটনী গ্ৰীনাৰক চমজি লয় মাৰ্কিন কৰ্তৃপক্ষই। বিনিময়ৰ পিছত শুকুৰবাৰেই আমেৰিকালৈ লৈ যোৱা হয় জনপ্ৰিয় বাস্কেটবল খেলুৱৈ তথা অলিম্পিক গ’ল্ড মেডেলিষ্ট ব্ৰিটনী গ্ৰীনাৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...