হৈছিল কি? চিনেমাৰ কাহিনীৰ দৰে তৃতীয় এখন দেশত বন্দী বিনিময় কৰিলে আমেৰিকা-ৰাছিয়াই

আমেৰিকা আৰু ৰাছিয়াৰ মাজত এক চিনেমাৰ কাহিনীৰ দৰে বন্দী বিনিময়। তৃতীয় এখন দেশত দুয়োখন দেশে বিনিময় কৰে কাৰাৰুদ্ধ হৈ থকা দুজন অপৰাধীক। এগৰাকী অলিম্পিকৰ দুটাকৈ স্বৰ্ণপদক বিজয়ী বাস্কেটবল খেলুৱৈ। আনজন মৃত্যুৰ সদাগৰ নামেৰে বিশ্বজুৰি পৰিচিত এজন অস্ত্ৰ ব্যৱসায়ী। আমেৰিকাৰ বাস্কেটবল তাৰকা ব্ৰিটনী গ্ৰীনাৰক ড্ৰাগছসহ কৰায়ত্ত কৰি কাৰাদণ্ড বিহিছিল ৰাছিয়াই। আনহাতে ৰাছিয়াৰ কুখ্যাত অস্ত্ৰ ব্যৱসায়ী তথা বিশ্বৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থীক অস্ত্ৰ যোগানৰ বাবে কুখ্যাত ভিক্টৰ বাউটক আমেৰিকাই এক বিশেষ অভিযান চলাই থাইলেণ্ডত গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ গৈছিল। আমেৰিকাত ২৫ বছৰৰ কাৰাদণ্ড বিহিছিল বাউটক। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ সময়ত মস্কো বিমানবন্দৰত আমেৰিকাৰ মহিলা ৰাষ্ট্ৰীয় বাস্কেটবল এছ’চিয়েশ্যনৰ চেম্পিয়ন ব্ৰিটনীক সামান্য পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৰাছিয়াৰ চৰকাৰে। শুকুৰবাৰে দুয়োকে বন্দী প্ৰত্যৰ্পণ চুক্তি অনুসৰি বিনিময় কৰে ৰাছিয়া আৰু আমেৰিকাই। আবু ধাবিত দুয়োখন দেশৰ বিমানেৰে অনাৰ পিছত ৰানৱে’তে বিনিময় কৰা হয়। আমেৰিকাই ৰাছিয়াৰ হাতত চমজাই দিয়ে মাৰণাস্ত্ৰ ব্যৱসায়ী ভিক্টৰ বাউটক। আনহাতে ৰুছ কৰ্তৃপক্ষৰ পৰা বাস্কেটবল খেলুৱৈ ব্ৰিটনী গ্ৰীনাৰক চমজি লয় মাৰ্কিন কৰ্তৃপক্ষই। বিনিময়ৰ পিছত শুকুৰবাৰেই আমেৰিকালৈ লৈ যোৱা হয় জনপ্ৰিয় বাস্কেটবল খেলুৱৈ তথা অলিম্পিক গ’ল্ড মেডেলিষ্ট ব্ৰিটনী গ্ৰীনাৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...