নৱবৰ্ষত আসন্ন অসমৰ অংগচ্ছেদ

0 182

✒️ অচিন্ত্য শৰ্মা

নৱবৰ্ষত প্ৰথমাৰ্দ্ধতে পৃথক কমতাপুৰ গঠনৰ যো-জা
গোপনে জৰীপ চলিছে অবিভক্ত গোৱালপাৰাত
গৃহ মন্ত্ৰ্যালয়ৰ প্ৰত্যক্ষ সম্পৰ্কত কেএলঅ’ প্ৰধান জীৱন সিংহ

যদিহে দিল্লীৰ পৰিকল্পনা অনুসৰি সকলো আগবাঢ়ে, তেনেহ’লে আহি থকা নতুন বছৰটোৰ প্ৰায় আৰম্ভণিতে অসমৰ অংগচ্ছেদ হ’ব, অংগচ্ছেদ হ’ব বংগৰ, হয়তো বিহাৰৰো। কাৰণ এই তিনিৰাজ্যৰ বিস্তীৰ্ণ অঞ্চলক লৈ গঠন হ’ব পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল, কমতাপুৰ বা কামতাপুৰ-কোচ ৰাজবংশী জনগোষ্ঠীৰ দশক দশক জোৰা স্বপ্নৰ গৃহভূমি। আমাৰ হাতত পৰা তথ্য অনুসৰি প্ৰস্তাৱিত কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সমগ্ৰ উত্তৰ বংগৰ উপৰি পূব বিহাৰৰ কিছু অংশৰ লগতে সোমাই পৰিছে পশ্চিম অসমৰো বিস্তৃৰ্ণ অঞ্চল। যাৰ বাবে এতিয়া গোপনে জৰীপ চলিছে পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাত। এই জৰীপে নিৰ্ণয় কৰিব সাংস্কৃতিক, ভৌগোলিক, ঐতিহাসিক আৰু জনগাঁথনিগত ভাৱে অসমৰ কোনবোৰ অঞ্চলত অন্তৰ্ভুক্ত হোৱা উচিত সেই কথা। হয়তো একেধৰণৰ জৰীপ চলিছে বিহাৰৰ পূৰ্ণিয়া, কাটিহাৰ, আৰাৰিয়া আৰু কিষাণগঞ্জতো। ফলস্বৰূপে স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে কিয় কেন্দ্ৰৰ এই আকষ্মিক তত্পৰতা?

ভাৰতৰ পৰা পৃথক এক স্বাধীন কমতাপুৰ ৰাষ্ট্ৰ গঠনৰ দাবী দীৰ্ঘদিনীয়া। একেদৰে দীৰ্ঘদিনীয়া ভাৰতৰ ভিতৰতেই পৃথক এক কমতাপুৰ ৰাজ্য গঠনৰ দাবীও। আনহাতে এই দুই দাবীৰ বিকল্প হিচাপে কেন্দ্ৰীয় শাসিত এক কমতাপুৰ অঞ্চল গঠনৰ অৱধাৰণাও যথেষ্ট পুৰণি। বিগত দিনবোৰত বিভিন্নজনৰ মধ্যস্থতাত এই অৱধাৰণাকলৈ একাধিকবাৰ আলোচনাও অনুষ্ঠিত হৈছে। এনে আলোচনাই শেহতীয়াভাৱে অধিক গতিশীলতা লাভ কৰিছিল অনন্ত ৰায় মহাৰাজৰ মধ্যস্থতাত। পিছে, এইবাৰ দৃশ্যপটৰ পৰা মহাৰাজ আঁতৰি সেই স্থানত আৰ্বিভাৱ ঘটিছে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন, কেএলঅ’ৰ মুৰব্বী জীৱন সিংহ। সেয়ে এইবাৰ দিল্লী বা মোদী চৰকাৰো এইক্ষেত্ৰত তত্পৰ হৈ উঠিছে। জীৱন সিংহৰ লগত আনুষ্ঠানিকভাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে। কাৰণ বিচ্ছিন্নতাবাদী শক্তিসমূহক স্বায়ত্ব শাসনেৰে সন্তুষ্ট কৰাটো ভাৰত চৰকাৰৰ পুৰণি কূটনীতিগত ৰণকৌশল। এই ৰণকৌশলৰ আধাৰতে পৃথক হৈ স্বাধীন কমতাপুৰ ৰাষ্ট্ৰ গঠন কৰিব বিচৰা কেএলঅ’ বা জীৱন সিংহক কমতাপুৰৰ নামত এক কেন্দ্ৰীয় শাসিত অঞ্চলেৰে সন্তুষ্ট কৰিবলৈ স্বাভাৱিকতে চেষ্টা কৰিছে মোদী চৰকাৰে।

পিছে ইয়াতেই শেষ নহয়, কমতাপুৰ গঠনৰ ক্ষেত্ৰত নতুন দিল্লী সক্ৰিয় হৈ উঠাৰ কাৰণ। এইক্ষেত্ৰত মোদী চৰকাৰ বা বিজেপিৰো আছে নিজস্ব স্বাৰ্থ। পূৰ্বোল্লেখিত সূত্ৰটোৱে সদৰি কৰা মতে পশ্চিমবংগত অদূৰ ভৱিষ্যতে ক্ষমতা দখলৰ আশা শেহতীয়াভাৱে বিজেপিয়ে হেৰুৱাই পেলাইছে। সেয়ে অঞ্চলটোত প্ৰভাৱ বিস্তাৰৰ বাবে এতিয়া অপৰিহাৰ্য হৈ উঠিছে বংগ ভংগ। ইয়াৰ লগতে আহি পৰিছে কেতবোৰ ভূ-ৰাজনৈতিক কাৰণো।

দৰাচলতে পশ্চিমবংগত ৰাজনৈতিক প্ৰভাৱতকৈও ছিলিগুৰি ক’ৰিদৰৰ সুৰক্ষাৰ প্ৰশ্নতহে মোদী চৰকাৰ অধিক দ্ৰুততাৰে আগবাঢ়িছে পৃথক কমতাপুৰ গঠনৰ দিশে। সমগ্ৰ পূৰ্বোত্তৰক মূলভূমি ভাৰতবৰ্ষৰ লগত দূৰ্বলভাবে জোৰা লগাই ৰখা ছিলিগুৰি ক’ৰিডৰ বা চিকেন নেকটিৰ ওপৰত অনবৰত লোলুপ দৃষ্টি দি আছে সম্প্ৰসাৰণবাদী ৰাষ্ট্ৰ, চিৰশত্ৰু বাংলাদেশে। আনহাতে এই দুই শত্ৰু ৰাষ্ট্ৰৰ সহায়ক হোৱাকৈ সম্প্ৰতি দ্ৰুতগতিত সলনি হৈছে ছিলিগুৰি ক’ৰিডৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ, অৰ্থাৎ প্ৰস্তাৱিত প্ৰায় সমগ্ৰ কমতাপুৰ অঞ্চলৰ জনগাঁথনি। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ উচ্চ জন্মহাৰে শেহতীয়াভাবে কোচ ৰাজবংশীৰ এসময়ৰ শক্তিশালী গৃহভূমিক অঘোষিত ইছলামিস্তানত পৰিণত কৰিছে। এনে প্ৰেক্ষাপটতে এতিয়া এই অঞ্চলটোক নিজৰ প্ৰত্যক্ষ প্ৰভাৱাধীন কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অঞ্চলটোত খিলঞ্জীয়াৰ ৰাজনৈতিক প্ৰভুত্ব অক্ষুন্ন ৰখাৰ প্ৰয়োজনীয়তাও আহিছে। আৰু এই সকলো প্ৰয়োজনীয়তাৰ সন্মিলিত ফচল হৈছে কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ ক্ষেত্ৰত আহি পৰা নতুন গতিশীলতা।

অৱশ্যে এইক্ষেত্ৰত আছে কেন্দ্ৰৰো পূৰ্বচৰ্ত স্বাৰ্থ থাকিলেও চৰ্ত অবিহনে কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন নকৰে মোদী চৰকাৰে। এই ক্ষেত্ৰতো জীৱন সিংহক আত্মসমৰ্পণ কৰি উগ্ৰপন্থা ত্যাগ কৰে, তেতিয়াহে প্ৰস্তাবিত কমতাপুৰ কেন্দ্ৰীয়শাসিত অঞ্চল গঠনৰ ক্ষেত্ৰত আহি পৰা গতিশীলতা অব্যাহত থাকিব। অন্যথাই এই গতিশীলতা পুনৰ পৰিণতি হ’ব অবধাৰিত স্থবিৰতাত।

Leave A Reply

Your email address will not be published.