সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত পাকিস্তানৰ সফলতাক প্ৰশংসা কৰিছে ট্ৰাম্প প্ৰশাসনে

আমেৰিকাই সন্ত্রাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ সাফল্যৰ প্ৰশংসা কৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেশে জনাইছে যে, পাকিস্তানে সন্ত্রাসবাদৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আহিছে আৰু এই যুঁজত উল্লেখযোগ্য সফলতাও লাভ কৰিছে। কেৱল পাকিস্তানৰ ভিতৰত নহয়, বিশ্বৰ সন্ত্রাসী কাৰ্যকলাপ দমনতো পাকিস্তানৰ সাফল্যৰ ভূয়সী প্ৰশংসা কৰিছে ট্ৰাম্প প্ৰশাসনে।

মঙলবাৰে ইছলামাবাদত আমেৰিকা আৰু পাকিস্তানৰ মাজত সন্ত্রাসবিৰোধী কাৰ্যকলাপৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পিছত প্ৰকাশিত যৌথ বিবৃতিত সন্ত্রাস দমনত পাকিস্তানৰ ভূমিকাৰ কথা উত্থাপিত হৈছে। ইয়াৰ লগতে, পাকিস্তানত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণহানিৰ বাবে আমেৰিকাই সমবেদনাও জ্ঞাপন কৰিছে। বিবৃতিত দাবী কৰা হৈছে, “পাকিস্তানে সন্ত্রাসবাদৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ চলাই আছে। আঞ্চলিক তথা বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থত সন্ত্রাসবাদী কাৰ্যকলাপ দমনত পাকিস্তান যথেষ্ট সফল।”

যৌথ বিবৃতিত আৰু কোৱা হৈছে, “পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘটনাত সাধাৰণ মানুহ আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সদস্যৰ হতাহতিৰ বাবে আমেৰিকাই সমবেদনা প্ৰকাশ কৰিছে।” এই বিষয়ে ক’বলৈ গৈ বিবৃতিত জাফৰ এক্সপ্ৰেছত আক্ৰমণৰ প্ৰসংগও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও খুজদাৰত এখন বিদ্যালয়ত বোমা আক্ৰমণৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰা হৈছে।

পেহেলগাম কাণ্ডৰ পিছৰে পৰা ভাৰতৰ সৈতে পাকিস্তানৰ সম্পৰ্ক অধিক তিক্ততাৰে ভৰি পৰিছে। সেই সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ ‘অপাৰেশ্যন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ৯টা ঘাঁটি ধ্বংস কৰাৰ কথা উল্লেখ কৰা হৈছে। ভাৰতে প্ৰথমৰে পৰা দাবী কৰি আহিছে যে, পাকিস্তানৰ মাটিত সন্ত্রাসবাদীসকলে ঘাটি বনাইছে আৰু তেওঁলোকক পাকিস্তানে সমৰ্থন যোগাইছে। কিন্তু পাকিস্তানে এই অভিযোগ সদায় নাকচ কৰি আহিছে। তেওঁলোকৰ ওলোটা দাবী যে, সন্ত্রাসবাদী কাৰ্যকলাপৰ ফলত পাকিস্তানৰো ক্ষতি হৈছে আৰু তেওঁলোকে সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলাই আহিছে। তথাপিও দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। এই পৰিস্থিতিৰ মাজতে পাকিস্তানে আমেৰিকাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এটাৰ পিছত এটা পদক্ষেপ গ্ৰহণ কৰি আছে।

বাণিজ্য চুক্তি আৰু শুল্কৰ বিষয়ত ভাৰতৰ সৈতে আমেৰিকাৰ মাজত উত্তেজনা চলি আছে। শেহতীয়াকৈ খনিজ তেলৰ বিষয়ত আমেৰিকাৰ সৈতে পাকিস্তানৰ চুক্তি স্বাক্ষৰিত হৈছে। ৰাছিয়াৰ পৰা তেল আমদানিৰ কাৰণে ভাৰতৰ ওপৰত ট্ৰাম্পে ৫০ শতাংশ শুল্ক ধাৰ্য কৰিছে। এই সূত্ৰত পাকিস্তানৰ সৈতে আমেৰিকাৰ ঘনিষ্ঠতাও বৃদ্ধি পাইছে।

প্ৰশ্ন উঠিছে, ভাৰতৰ সৈতে আমেৰিকাৰ ‘বন্ধুত্ব’ত ক্ৰমশঃ বেয়াৰ ফালে গতি কৰিছে নেকি? আৰু সেই সুযোগক পাকিস্তানে কামত লগাবলৈ চেষ্টা কৰিছে নেকি? ‘অপাৰেশ্যন সিন্দূৰ’ আৰু তাৰ পিছৰ দুয়োখন দেশৰ সংঘাতৰ পিছত দুমাহৰ ভিতৰত দুবাৰ আমেৰিকা ভ্ৰমণ কৰিছে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰে। তেওঁ কেৱল তাতেই নহয়, আমেৰিকাৰ মাটিত থিয় হৈ পৰমাণু হুমকিও প্ৰকাশ কৰিছে। তেওঁৰ কয়, “আমি এখন পৰমাণু শক্তিধৰ দেশ। যদি আমি ধ্বংসৰ পথলৈ আগবাঢ়িছো বুলি ভাবো, তেন্তে অৰ্ধেক বিশ্বক লগত লৈ আমিও ধ্বংস হ’ম।” মুনীৰৰ এই মন্তব্যৰ ওপৰত আমেৰিকাই কোনো প্ৰতিক্ৰিয়া নজনালেও ভাৰতে তীব্ৰ নিন্দা কৰিছে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে বিবৃতি জাৰি কৰি কৈছে, “ভাৰতে পৰমাণু হুমকিৰ সন্মুখত কেতিয়াও শিৰ নত নকৰে। ইয়াৰ পূৰ্বেও এই কথা স্পষ্ট কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।”

মুনীৰৰ আমেৰিকা ভ্ৰমণৰ মাজতে আমেৰিকাই বালোচ বিদ্ৰোহী গোষ্ঠী ‘বালোচিস্তান লিবাৰেশ্যন আৰ্মি’ (বি এল এ)-ক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। লগতে, বি এল এৰ সহযোগী ‘মজিদ ব্ৰিগেড’কো সন্ত্ৰাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰিছে আমেৰিকাৰ প্ৰশাসনে। এই পৰিপ্ৰেক্ষিতত আমেৰিকা আৰু পাকিস্তানৰ সন্ত্রাসবাদৰ বিষয়ে যৌথ বিবৃতি কূটনৈতিক মহলত অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...