নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ, কঠোৰ চৰকাৰ

২৫ ডিচেম্বৰৰ পৰা কভিডৰ বাবে নতুন নিয়ম বলৱৎ কৰিব চৰকাৰে। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব নাইট কাৰ্ফিউ। বৰদিনৰ নিশা ১১ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ নৈশ কাৰ্ফিউ বলৱৎ কৰিব চৰকাৰে। শেহতীয়া কভিড পৰিস্থিতিৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ কঠোৰ সিদ্ধান্ত। বিবাহসমূহত ২০০তকৈ অধিক লোকক অনুমতি দিয়া নহ’ব। শনিবাৰৰ পৰা বিয়াৰ অনুষ্ঠানসমূহত সৰ্বাধিক ২০০জন লোকহে উপস্থিত থাকিব পাৰিব। অ’মিক্ৰনৰ বৰ্ধিত পৰিসংখ্যাৰ বাবে সতৰ্ক হৈছে যোগী আদিত্যনাথ চৰকাৰ। যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা নিশাৰ কাৰ্ফিউ জাৰি কৰাৰ সিদ্ধান্ত।


উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল। অ’মিক্ৰনৰ প্ৰাদুৰ্ভাৱৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সতৰ্ক আৰু সাৱধান হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মহামাৰীৰ বিৰুদ্ধে যুঁজ এতিয়াও শেষ হোৱা নাই আৰু কোভিডৰ বিভিন্ন প্ৰকাৰ বা আচৰণ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰে মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...